সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯০ ৰহদৈ লিগিৰী কাণেদি পেটৰ ভিতৰৰ পানীবিলাক ওলাল। তাৰ পিছত তাইৰ হাত দুখনত ধৰি সেই হাত দুখন এবাৰ ওপৰলৈ তুলিব এবাৰ তললৈ নমাব ধৰিলে। এইদৰে কেইবেলিমান কৰোঁতে তাইৰ নাকেৰে উশাহ-নিশাহ্, ভালকৈ ববলৈ ধৰিলে। বাবাজীয়ে নিজৰ স্নান-আহ্নিক, সেৱা-পূজা এই সমস্তকে স্থগিত ৰাখি তাইক তেওঁৰ হাতৰ তলুৱা দুখন ধুনিৰ জুইত তপত কৰি কৰি সেক দিবলৈ ধৰিলে। এইদৰে দুদাড়মান বেলি সেক-পোতক দিওতে দিওতে তাই চকু মেলিলে। চকু মেলি তাই কথা ক'বলৈ চেষ্টা কৰা দেখি বাবাজীয়ে তাইক মনে মনে থাকিবলৈ ক'লে। তাই তেতিয়া আকৌ চকু মুদিলে। বাবাজীয়ে তাইক এটোপা এঁৱা গাখীৰ তপতাই অলপ অলপকৈ অৰ্ঘা এটাৰে তাইৰ মুখত দিলে— তাই সেই উমি উমি তপত গাখীৰ খাই “উঃ ৰাম” বুলি বাবাজীৰ ফালে চাই অতি ক্ষীণ মাতেৰে সুধিলে, “আপুনি কোন? মই এতিয়া ক'ত?” বাবাজীয়ে ক'লে,— “মা তুমি এতিয়া সেইবিলাক একো সুধিব নালাগে। তুমি মোৰ আশ্ৰমত আছা। তুমি মৃত্যুৰ পৰা জীলা। ম‍ই গা- পা ধুই আহো তুমি আৰু কিছু বেলি পৰি থাকা। মই স্নান-আহ্নিকাদি কৰি আকৌ তোমাৰ ওচৰলৈ আহিম। তুমি ধুনিত জুই ফুৱাই থাকা। মই উলটি আহিলে তুমি কি ক'ব খোজা ক’বা। সদ্যহতে মই আহিলোঁ।” এইবুলি কৈ বাবাজী নৈলৈ গৈ তাত গা-পা তিয়াই স্নান-তৰ্পণ কৰি আক্ৰমলৈ আহি গোসাঁনী থকা ঘৰটোত সোমাই প্ৰায় ছয় দণ্ডমান বেলি সেৱা-পূজা কৰি ভোগঘৰত সোমাল। তাত জহা চাউলৰ ভাত, মুগৰ দালি, কাচকলা, আলু ইত্যাদিৰ শাক তৈয়াৰ কৰি গোটেইবিলাক গোসাঁনীৰ আগত লগালে আৰু আধা ঘণ্টামানৰ পিছত প্ৰসাদ উলিয়াই আনি এখন কলপাতত লৈ কেইটামান ভাত আৰু অলপ তৰকাৰী, এবাঢ়ি গাখীৰে সৈতে নি ধুনিৰ কাষতে সেই মানুহজনীক খাবলৈ দিলে। তাৰ পিছত তেওঁৰ চেলা শ্ৰৱণানন্দক আৰু চাকজনকো সেই প্ৰসাদ দি উঠি নিজে অলপ এমুঠি প্ৰসাদ লৈ আৰু গৰম গাখীৰ এবাটি পি বাবাজীয়ে তেওঁৰ আহাৰ শেষ কৰি ধুনি ঘৰলৈ আহিল। মানুহজনীয়ে প্ৰসাদ আৰু গাখীৰ খাই অলপ জিৰাইছিল। এনেতে বাবাজী সোমাই অহাত তাই দীঘল হৈ দণ্ডবৎ দি পৰিল। বাবাজীয়ে ক'লে, “হা মা! তুমি কি কৰা। মোক সেৱা কৰিব নাপায়। মই কোনো মাইকী মানুহৰ সেৱা নলওঁ। ম‍ই সেৱা ল'লে, মোৰ অপৰাধ ঘটে।” মানুহজনীয়ে ক'লে,— “বাবা! কেলেইনো অপৰাধ ঘটিব। আপুনি সাধু-সন্ন্যাসী মানুহ। তদুপৰি আপুনি মোক মৰাৰ পৰা জীয়ালে। মই মৰিম বুলিয়েই কৃষ্ণৰ নাম লৈ তেওঁৰ গাতে সমস্ত দোষ থৈ পানীত জাঁপ দিছিলোঁ। পিছত মোৰ জীউ নগ'ল। আপুনি মোৰ পিতৃস্থানীয় আপোনাক সেৱা কৰিলে মোৰ কুশলহে হ'ব।”