সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ৮৯ আশ্ৰমত থাকিলে তেৱেঁই নাৱৰীয়াক নিজৰ ৰন্ধা ভোগ দি শুশ্ৰূষা কৰিছিল আৰু নাৰীয়াসকলেও নিজৰ নাৱত যি যি বস্তু অনা-নিয়া কৰিছিল তাৰ অলপ-অচৰপ বাবাজীক দি সেৱা-শুশ্ৰূষা কৰিছিল। বাবাজীৰ খোৱা-পিন্ধাৰ দুখ যে নাছিলেই বৰং তেওঁৰ বস্তু ৰৈ-বৈহে গৈছিল। স্বামীজী আৰু তেওঁৰ চেলা আগৰ কৰ মানুহ আছিল কেৱে ক'ব নোৱাৰিছিল। তেওঁৰ মাত-কথাৰ পৰা মিৰিসকলে আৰু নাৱৰীয়াসকলেও তেওঁক আগৰ হিন্দুস্থানী মানুহ বুলি অনুমান কৰিছিল আৰু দৰাচলতে সেই কথা সঁচাও আছিল। তেওঁৰ চেলা শ্ৰৱণানন্দ হ'লে আগৰ বঙালী বামুণ আছিল হেনো কি কাৰণত তেওঁ সন্ন্যাসী হ'ল, কেনেকৈ আগমনন্দৰ চেলা হ'বলৈ পালে সেই কথা কেৱে নেজানিছিল। আগেয়ে কোৱা হৈছে স্বামী আগমনানন্দ ঘোৰ বীৰাচাৰী তান্ত্ৰিক আছিল। তেওঁ পালে মদ, ফটিকা কলহে কলহে খাইছিল। হাঁহ, পাৰ, পঠা ছাগলী পালে তেওঁ নিজ হাতেই হওক বা শ্ৰৱণানন্দৰ হতুৱাই হওক গোসাঁনীৰ আগত বলি দি ৰান্ধি-বাঢ়ি খাইছিল। মাছক “গংগাৰ ফল” বুলি খাইছিল। আশ্চৰ্যৰ বিষয় “নাখাওঁ” বুলিলে তেওঁ দহ-বাৰ দিনলৈকে নোখোৱাকৈয়ো থাকিব পাৰিছিল আৰু খাওঁ বুলিলে তেওঁ মাছ, মঙহ, ৰুটী, দালি, তৰকাৰী, ভাত পাঁচ সেৰমানলৈকে অকলে খাব পাৰিছিল। সেই বছৰ ভাদ মাহৰ এদিন পুৱাতে স্বামী আগমানন্দই বেলি আঠোটামান বজাত নৈত গা ধুবলৈ গৈ নৈৰে পানীৰ যুৱলিত এটা মানুহ শৱ যেন দেখা পাই একেথিৰে কিছুবেলি চাই সেই দেহটোৰ হাত-ভৰিকেইখন অলপ লৰ-চৰ কৰা যেন দেখি ওচৰ চাপি গৈ দেখে যে ৰিহা-মেখেলা পিন্ধা, দেখিবলৈকো ধুনীয়া এজনী গাভৰু। বাবাজীয়ে সেই মানুহজনীৰ নাকৰ গুৰিলৈ হাত নি দেখে যে দেহটোত এটা সূক্ষ্ম স্পন্দন আৰু নাকত এটা উশাহ-নিশাহ আছে। তেওঁ ‘জয় মা কালী। তোমাৰ সন্তানৰ ইচ্ছা পূৰ্ণ কৰিবা” এই বুলি কৈ ৰিঙি মাৰি তেওঁৰ চেলা শ্ৰৱণানন্দক মাতিলে। তেওঁ মতা মাত্ৰকেই শ্ৰৱণানন্দ গৈ পোৱাত স্বামীজীয়ে সেই ৰূপহী গাভৰুজনীৰ ফালে আঙুলিয়াই দেখুৱাই দুয়ো পৰামৰ্শ কৰি দেহটো ধৰাধৰিকৈ আশ্ৰমলৈ লৈ গ'ল। আৰু তাত দক্ষিণৰ চাৰিৰ্চলীয়া ঘৰটোত জ্বলি থকা ধুনিৰ কাষত নি থৈ ধুনিটো ভালকৈ জ্বলাই লাকহে লাহে পোনপ্ৰথমে মানুহজনীৰ গাৰ পৰা ভিজা কাপোৰকেইখন এখন এখনকৈ সোলোকাই তেওঁৰ শুকান গেৰুৱা কাপোৰ এখন গাৰ ওপৰত পেলাই দিলে; তাৰ পিছত কেঁচা গৰুৰ ঘিউ অলপ অলপ তাইৰ নাকে-কাণে দি পেটটো লাহে লাহে হেঁচুকি দিয়াত তাইৰ মুখে, নাকে,