সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৮ ৰহদৈ লিগিৰী আশ্ৰমখনৰ গৰাকী আছিল জটাজুটধাৰী কঁকাললৈকে বৈ পৰা আধা কেঁচা, আধা পকা ডাঢ়িয়ে সৈতে এজন গেৰুৱা কাপোৰ পিন্ধা সন্ন্যাসী। তেওঁ ওখ, ডাঙৰ, দীঘল আৰু হটঙা বলী মানুহ আছিল। তেওঁক চেহেৰাত আদহীয়া যেন দেখা গৈছিল। সন্ন্যাসীজনৰ বৰণ মিঠা বৰণীয়া। চকু দুটা বৰ ডাঙৰ ডাঙৰ, ৰঙা। তেওঁ কপালত বহল সেন্দুৰৰ ফোঁট। তেওঁৰ নাম আছিল আগমানন্দ। তেওঁ বীৰাচাৰী তান্ত্ৰিক পন্থৰ সন্ন্যাসী আছিল। তেওঁৰ লগত আছিল এজন চেলা নাম শ্ৰৱণানন্দ। বাৰীখন আটোম-টোকাৰি কৰি ৰাখিবলৈ, খৰি-খেৰ আনিবলৈ, বাবাজীৰ দুজনী খীৰতী গাই চাৰিবলৈ, বান্ধিবলৈ আৰু বয়সীয়া এটা অসমীয়া মানুহ চাকৰ আছিল। এই অসমীয়া মানুহজনৰ মূৰটো এটা সৰু জট আৰু শ্ৰৱণানন্দৰ চেলাৰ লগতে সি বাবাজীৰ দৰে লোৱা গৰিকাৰ বা ডাঙৰ দম মৰাত শ্ৰৱণানন্দকো চেৰ পেলাব পৰা বিধৰ আছিল। শ্ৰৱণানন্দ দেখাত প্ৰায় ডেৰকুৰি বছৰ বয়সীয়া আছিল। তেওঁ বৰণত বগা তেওঁৰ মূৰৰ চুলিবিলাক দীঘল, পাছ ফাললৈ বৈ পৰা যদিও জঁট নাই। তেওঁৰ গাতো গেৰুৱা ৰঙৰ এটা ভৰিলৈকে পৰা গেৰুৱা ৰঙৰ হলৌ চোলা। বাবাজী দুয়োজনে বাৰীৰ ওচৰতে আৰু বাৰীৰ ভিতৰতে গোমধান আৰু জৱধান ৰুই লৈছিল। শাক-পাচলি কৰি লৈছিল। অসমীয়া চাকৰটোৱে অলপ ৰঙা আলু, বগা আলু, লাও কোমোৰা ইত্যাদি ৰুইছিল। বাবাজী দুজনৰ ইচ্ছা হ'লে এখন আছাৰা জাল মাৰি মাজে মাজে নৈত মাছো ধৰিছিল। চাউল কাৰণ, পঠা ইত্যাদি লগা হ'লে আগমানন্দই অকলশৰেই সেই সৰু সুৰসুৰীয়া বাটেদি মিৰি গাঁৱলৈ গৈছিল। প্ৰবাদ আছে তেওঁক হেনো বাঘেও বাট এৰি দি সেৱা কৰিছিল। মিৰিহঁতে তেওঁৰ চেহেৰা দেখি, তেওঁৰ ৰঙা চকু দেখি তেওঁক “দেৱমানুহ” বুলি কৈ তেওঁ যেতিয়াই যি বস্তুকে খোজে, যেনে— মদ, ফটিকা, হাঁহ, পাৰ, ছাগলী, চাউল ইত্যাদি বস্তু দিছিল। মাহ দিনত প্ৰায় দেওবাৰেই কেতিয়াবা অকলৈ কেতিয়াবা আৱশ্যক হ’লে শ্ৰৱণানন্দকো লগত লৈ মিৰি গাঁৱলৈ অহা-যোৱা কৰিছিল। সমুখৰ ঘৰটো বাবাজীয়ে আমাৰ অসমীয়া ভাল মানুহৰ দৰে বহা-মেলা কৰিবলৈ চ'ৰাঘৰস্বৰূপে ৰাখিছিল। মিৰিহঁত বা আন কোনো নাৱৰীয়া নৈয়েদি কেতিয়াবা আহিলে সেই চ'ৰাঘৰতে বহি বাবাজীৰ সৈতে কথা-বতৰা পাতিছিল— কেতিয়াবা কেতিয়াবা কোনো কোনো নাৱৰীয়াই নিশা হ'লে তাতে শুইও ৰৈছিল। পূবফালৰ ঘৰটোৰ এখোঁটালীত এজনা কালী মূৰ্তি আছিল, ইটো খোঁটালীত ভোগ ৰন্ধা-বঢ়া কৰিছিল। সেই ভোগ প্ৰায় সততে শ্ৰৱণানন্দয়ে ৰান্ধিছিল— মাজে মাজে আগমানন্দ বাবাইও ৰান্ধিছিল; নিশা অভ্যাগত হৈ কোনো নাৱৰীয়া তেওঁৰ