সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

"ৰহদৈ লিগিৰী ৮৭ তেওঁক ৰজা নকৰিলে। ডাঙৰীয়াসকলৰ আৰু ৰাইজৰ এই কথা শুনি ৰুচিনাথ গোহাঁইদেৱে জনালে, যদি ব্ৰজনাথ গোহাঁইদেৱক সকলোৱে মনোনীত নকৰে তেনেহ'লে তেওঁৰ স্থূলত পুৰন্দৰ সিংক লোৱাত জানো আপত্তি হ’ব? এই কথাৰ উত্তৰত ৰাইজ আৰু ডাঙৰীয়াসকলে ক'লে যে তাত তেওঁবিলাকৰ আপত্তি নাই। ব্ৰজনাথ সিংহেও ক’লে যে, “পুতেকক ৰজা পাতিলে তেওঁ নিজ ইচ্ছামতে ৰাজপদ আগ কৰিব।” নগঞা ৰাইজে এই কথা শুনি সন্তোষ হৈ তেওঁবিলাকক সাত দিন পুৰণি গুদামতে সিধা-পত্ৰ দি ৰাখি তেওঁবিলাক যাবৰ সময়ত ৰছদে-পত্ৰে সৈতে এহেজাৰ ৰণুৱা দি আগবঢ়ালে। তেওঁবিলাকে পুৰণিগুদামৰ পৰা বোকাখাটৰ বাটেদি যাত্ৰা কৰিলে। পঞ্চম অধ্যায় সন্ন্যাসীৰ আশ্ৰম সেই কালত, আজিকালিৰ যোৰহাটৰ ককিলামুখ ঘাটৰ পশ্চিমে জনপ্ৰাণীহীন ওখ চাপৰি এটাত এখন সুন্দৰ,ঋষিৰ আশ্ৰমৰ দৰে সন্ন্যাসী এজনৰ আশ্ৰম আছিল। সেই কালত বৰ্তমানৰ ককিলামুখৰ ঘাট জনপ্ৰাণীহীন, অঠব্য অৰণ্য এখন আছিল। তাৰ পূবে দক্ষিণে বৰ্তমানৰ গোহাঁই গাওঁখন মাথোন তেতিয়াও আছিল। আশ্ৰম থকা চাপৰিটো বাৰিষাও তল নগৈছিল। চাৰিওপিনে মুকলি মাটি সেউজীয়া ঘাঁহেৰে ভৰা। মুঠতে মাজে মাজে দুই-এজোপা ঝাউ গছ আছিল। আশ্ৰমখনত পাঁচোটা— বৰ ডাঙৰো নহয়, সৰুও নহয়, মজলীয়া বিধৰ খেৰী ঘৰ আছিল। সমুখৰ ঘৰটো উত্তৰফালে নৈলৈ মুখ কৰা। সেই ঘৰটোৰ সোঁহাতে দুটা দীঘলীয়া ঘৰ। বাঁওহাতেও এটা। মাজতে চোতাল এখন, তাৰ দক্ষিণে প্ৰায় পাঁচ পূৰা মাটিৰ এখন বাৰী। বাৰীখনৰ কেউফালে ওখ ঢাপ। ঢাপৰ কাষে কাষে কলৰ গছ। ভিতৰৰ ফালে ফুলে শাকে-পাচলিয়ে গৰু চৰিব পৰা ঘাঁহে জাতিষ্কাৰ। দেখিলেই মনত সন্তোষ আৰু এটা শান্তিৰ ভাব আহে। আশ্ৰমখনৰ ওচৰত কোনোপিনেই দহ-বাৰ মাইললৈকে কোনো বক্তি সেই সময়ত নাছিল। গোহাঁইগাঁৱলৈ তাৰ পৰা প্ৰায় বাৰ মাইল। নৈৰ পাৰত যে এনেকুৱা এখন সুন্দৰ আশ্ৰম আছে সেই কথাৰ গম পশ্চিমফালৰ দুখন মিৰি গাঁৱৰ মিৰি মানুহত বাজে আন কেৱে নেজানিছিল। নৈত বাজে আন পিনেদি সেই আশ্ৰমলৈ একপ্ৰকাৰ কোনো বাটেই নাছিল। বাবাজীয়ে পশ্চিমফালে অহা-যোৱা কৰা যি বাট আছিল, সিও সুৰসুৰীয়া আৰু বাটত বাঘৰ ডয়। আউনীআটী আৰু আন আন সত্ৰলৈ পাৰ হৈ যাবলৈ মুঠেই জাঁজীমুখৰ ওচৰেদি এটা ৰজা আলি আৰু নৈৰ পাৰত এটা ঘাট আছিল। আশ্ৰমখনৰ পৰা সেই ঘাট প্ৰায় পোন্ধৰ মাইল পূবে।