সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৬ ৰহদৈ লিগিৰী কামৰূপীয়া সকলো বিষয়া আৰু প্ৰজাই একেমুখে ক'লে যে তেওঁবিলাকে চন্দ্ৰকান্তক ৰজা ভাঙিলে বেয়া নাপায়। বৰং ভালহে পাব। তেওঁৰ স্থলত ব্ৰজনাথ সিংহক ৰজা পাতিব পাৰে। যদি ব্ৰজনাথ সিংহক ৰজা পতাত আকৌ কিবা ৰণ- বিগ্ৰহ লাগে তেনেহ'লেও সেই ৰণত কামৰূপীয়াসকলে বুঢ়াগোহাঁইক যতদূৰ সাধ্য সহায় কৰিবলৈ মান্তি আছে। কামৰূপীসকলৰ পৰা এই আশ্বাস বাক্য পাই সেই দৰবাৰৰ ভিতৰতে ৰুচিনাথ গোহাঁইদেৱে ব্ৰজনাথ গোহাঁইদেৱক এখন ওখ আসনত বহুৱাই সেৱা কৰিলে। গোট খোৱা সকলোখিনি কামৰূপীয়া প্ৰজাই হৰিধ্বনি কৰিলে। ইয়াৰ পিছত সভা ভাঙিল। ৰুচিনাথ আৰু ব্ৰজনাথে উভয়ে বুজৰবৰুৱা দুজনক মাতি নি ক'লে যে তেওঁবিলাক সৈন্য-সামন্তৰে অলপতে উজনিলৈ যাব। তাত নি ব্ৰজনাথ সিংহক পূৰ্বৰ দস্তুৰ মতে সিংহাসনত বহুৱাব। পিছত দুয়োজন বুজৰবৰুৱাই ৰছদ-পত্ৰ, ভাৰীৰে সৈতে দুহেজাৰ ভাল কামৰূপীয়া সৈন্য দিব লাগে। বুঢ়াগোহাঁই আৰু ৰজাৰ এই আদেশত পোন্ধৰ দিনৰ ভিতৰতে দুয়োজন বুজৰবৰুৱাই বলী বলী কোঁচ, কছাৰী, কলিতা এই তিনি জাতৰ এহেজাৰ এহেজাৰ সৈন্য আৰু এহেজাৰ এহেজাৰ ভাৰী আনি দিয়াত, বুঢ়াগোহাঁই আৰু ব্ৰজনাথ ৰজাই নিজৰো প্ৰায় এহাজাৰ আহোম সৈন্য লৈ মাঘ মাহৰ আদিতে উজনিৰ ফাললৈ নাৱেদি যাত্ৰা কৰিলে কিছু সৈন্য বামেদিও পঠিয়ালে। চতুৰ্থ অধ্যায় ৰুচিনাথ বুঢ়াগোহাঁই বামেৰে যোৱা সৈন্যদল জাগীৰ বাটেৰে, আৰু নাৱৰে যোৱা দল কলঙে দি উজাই উজাই দুয়ো দলে প্ৰায় আঠ দিনে গৈ নগাঁৱৰ পুৰণিগুদাম পাই তাতে ছাউনী কৰিলে। পুৰণিগুদামত “সাতদিন থাকিব” বুলি ওচৰৰ ৰাইজক জনাই পুৰণিগুদামত থকা বৰগোহাঁইৰ ঘৰৰ, ফুকনৰ ঘৰৰ, বৰবৰুৱাৰ ঘৰৰ ডাঙৰীয়াসকলক আৰু বাখৰৰ ঘৰৰো ডাঙৰীয়াসকলক নিমন্ত্ৰণ কৰি আনি এখন সভা পাতি ৰুচিনাথ গোহাঁইদেৱে কামৰূপত কি কৰি আহিছে আৰু উজনিলৈ গৈ কি কৰিব এইবিলাক কথা কৈ ডাঙৰীয়াসকলৰ আৰু নগঞা ৰাইজৰো অনুমোদন আৰু সহায় খুজিলে। বুঢ়াগোহাঁইৰ প্ৰস্তাৱত সন্মত আছে। স্বাধীন চিত্তৰ আৰু পূৰ্বাপৰ ৰীতি ভংগ কৰিবলৈ অনিচ্ছুক ডাঙৰীয়া আৰু ৰাইজসকলে ক'লে যে অকল বুঢ়াগোহাঁইদেৱেই ৰজা ভাঙিব আৰু পাতিব নোৱাৰে। ৰজা ভাঙিব পাতিবলৈ হ'লে তিনিওজন ডাঙৰীয়া গোট খাব লাগিব। ইয়াৰ উপৰি ব্ৰজনাথ সিংহক তেওঁবিলাকে কোনোমতেই ৰজা পাতিবলৈ মত দিব নোৱাৰে কিয়নো তেওঁৰ কাণত এফেৰা ঘুণ থকা বাবেই আগৰ পিতৃ বুঢ়াগোঁহায়ে