সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ৮৫ দয়াৰাম— বাৰু দেউতা? সেইবিলাক পিছ কথা- পিছত তাইৰ জীউৰ বধৰ ভাগী কিছুদুৰ মাহী নহ'লনে? দয়াৰামে এই কথা কোৱা মাত্ৰেই মাহীয়েক উগ্ৰচণ্ডী মূৰ্তি ধৰি ওলাই আহি ক'লে— “এৰা ময়ে তাইক নিতৌ পুৱা-গধূলি গাঁৱলীয়া ডেকাবিলাকে সৈতে জাক খেদা গাইৰ দৰে ফুৰিব দিছিলোঁ। এৰা ময়ে, আহোমৰ চুৱাখাতী বাটলুজনীক ৰূপচিং বঙালে সৈতে আগৰেপৰা কথা হ'বলৈ দিছিলোঁ! জনা-বুজা মানুহে মোক দোষ নিদিয়ে! তই মোৰ নিজৰ পো হোৱা হ'লে এনেকুৱা কথা নক’লিহেঁতেন।” মাহীয়েকৰ এনেকুৱা হাড় ভেদি যোৱা নিদাৰুণ মাত শুনি দয়াৰামে একে চাতিয়েই বাপেকৰ কাষৰ পৰা আঁতৰি গাঁৱৰ ফাললৈ গুচি আহিল— আৰু নিশা একোকে নেখাই ৰহদৈহঁতৰ ভগা ঘৰৰ ভিতৰতে পৰি থাকিলহি। বাপেকে জয়দেৱ কাকূতি কৰিও ফিৰাব নোৱাৰিলে। অৱশেষত আন একো উপায় নাপাই ওচৰৰ মানুহ ঘৰৰ হতুৱাই তাক নিশা শুবলৈ খেৰ একোছা, কানি-কাপোৰ এখান, জুই ধৰিবলৈ খৰি চাইডালমান, কলহতে পানী একলহ আৰু নিশা খাবলৈ কোমল চাউল, দৈ-গাখীৰ গুড় ইত্যাদি দিয়াই চকুৰ লো টুকি ঘৰলৈ গ'ল। দয়াৰামে নিশা সেই জলপান অলপ-অচৰপ খাই তাতে পৰি থাকিল। পিছদিনা য’ৰে বস্তু ত’তে পেলাই থৈ ৰাতিপুৱাই পশ্চিম মুখে গুচি গ'লগৈ। গাঁৱৰ মানুহ কেৱে ক'ব নোৱাৰিলে সি ক'লৈ গ'ল। বাপেকে কমলাবাৰীৰে পৰা আউনীআটীলৈকে সেই দিনটো বিচাৰিলে— কিন্তু দয়াৰামৰ কোনো শুংসূত্ৰকে নাপালে। তৃতীয় অধ্যায় ব্ৰজনাথ গোহাঁইদেৱ ব্ৰজনাথ আৰু তেওঁৰ পুতেক পুৰন্দৰ সিংহ গুৱাহাটী পোৱাৰ পিছত ৰাজমাওৰ কটকীযোৰা বিদায় দি ৰুচিনাথ গোহাঁইদেৱে পুহৰ পোন্ধৰ দিনটো ধাৰ্য কৰি গুৱাহাটীত এটা দৰবাৰ পাতি সেই দৰবাৰলৈ কামৰূপৰ বৰুৱা, চৌধাৰীসকলক বুজৰবৰুৱা দুজনে সৈতে আৰু পাটোৱাৰী আৰু আন আন মুখাল মুখাল প্ৰজাসকলকো নিমন্ত্ৰণ কৰি আনি সকলোকে জনালে যে চন্দ্ৰকান্ত সিংহ ৰজা বৰ দুৰ্বল মনৰ। তেওঁ ৰাজকাৰ্য চলোৱাত সম্পূৰ্ণৰূপে অযোগ্য, কামৰূপ ৰাজ্যৰ দ্ৰোহী আনকি সমস্ত অসমৰে দ্ৰোহী বদন বৰফুকনৰ ফলীয়া। সেই দেখি তেওঁ ৰজা ৰখা উচিত নহয়। কামৰূপীয়া বিষয়াসকলৰ আৰু ৰাজিৰ অনুমতি পালে তেওঁ চন্দ্ৰকান্তক ৰজা ভাঙিব খোজে। বুঢ়াগোহাঁই ডাঙৰীয়াৰ মুখৰ পৰা এইবিলাক কথা শুনি আৰু ৰজা চন্দ্ৰকান্ত যে পাপিষ্ঠ বদনৰ লগত এই কথাটো বিশদৰূপে জানি