সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৪ ৰহদৈ লিগিৰী দ্বিতীয় অধ্যায় দয়াৰাম বৰবৰুৱাই দয়াৰামক নগা পৰ্বতৰ ফাললৈ খেদোৱাৰ তিনিমাহৰ মূৰত দয়াৰামে চুলি-ডাঢ়ি ৰাখি একেবাৰে চিনিব নোৱৰা বেশ এটা লৈ মনে মনে পলাই আহি ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ মাজুলী পালেগৈ। তাত পোনেই ৰহদৈহঁতৰ আগৰ ঘৰৰ ফালে গৈ দেখিলে ঘৰকেইটা ভাগি-ছিগি গৈছে— জনপ্ৰাণী এটিও তাত নাই। বাপেকৰ ঘৰৰ ফালে যাওতে বাটতে দুই-চাৰিজন মানুহৰ পৰা গাঁৱত মাউৰ লাগি লাগি মানুহ মৰাৰ কথা, ৰহদৈৰ মাক-ভায়েক সেই বেমাৰত মৰাৰ কথা, ৰহদৈয়ে সিহঁতৰ ঘৰত আশ্ৰয় লোৱা কথা, তাৰ পিছত হৰিপ্ৰিয়া আৰু ৰাজমাৱে পঠোৱা চাওডাঙহতে অত্যাচাৰ কৰি ধৰি নিব খোজাত ব্ৰহ্মপুত্ৰৰ পানীত আগদিনা জাঁপ মাৰি মৰা কথা সকলোবিলাক ক'লে। এইবিলাক কথা শুনি বাটতে ভালেখিনি পৰ বহি নীৰৱে পাৰেমানে কান্দি শেষত মনতে এটা দৃঢ় প্ৰতিজ্ঞা লৈ ঘৰলৈ গৈ ‘দেউতা' বুলি মাত দিয়া মাত্ৰকে বাপেক ধনীৰাম ভিতৰৰ পৰা ওলাই আহি “আই ওঁ মোৰ বাছা দয়াৰাম নে?” বুলি সাবটি ধৰিলেহি। দয়াৰামে বাপেকৰ বুকত মূৰটো সুমাই আকৌ পাৰেমানে কান্দি কান্দি সুধিলে— “দেউতা! গল কালি ৰহদৈ পানীত জাঁপ মাৰি মৰা কথাটো সঁচানে?” ধনীৰামে ক'লে, – “বাছা উত্ৰাৱল নহ’বিচোন। ভৰি-হাত ধো। মাহীয়েৰে অলপ জা-জলপান দিয়ক, খাই-বৈ জিৰা, তেতিয়া ম‍ই সকলো কথা ক'ম।” দয়াৰাম— দেউতা! নাখাওঁ মাহীৰ হাতৰ জলপান। তাই কেনেকৈ মৰিল, কিয় মৰিল, মই সকলো কথা বাটতে শুনি আহিছোঁ— মই মাথোন আপোনাক শেষ দেখা দিবলৈহে আহিছোঁ। ধনীৰাম— কি কৱ বাছা! ইমান দিনৰ মূৰত বাপেৰক শেষ দেখাহে দিবলৈ আহিছনে? নক'বি বাছা তেনে কথা। তোৰ নাই কি— সকলো আছে। আহোমৰ ঘৰত থাকি জাত যোৱা বাটলু তিৰোতা এজনীৰ নিমিত্তে ইমান শোক কৰিব লাগেনে? তাই জীয়াই থকা হ'লেও পুনৰ জাতত উঠিব নোৱাৰিলেহেঁতেন। তাই পিতৃ-পিতামহক নৰকত পেলাই তাইৰ লগত জাত-কুল খেদোৱা হ'লেও তই তাইৰ সৈতে সুখেৰে গৃহস্থী কৰি খাবলৈ নাপালিহেঁতেন— ৰূপচিং বঙালে যেনেহ'লেও তোক প্ৰাণে বধি তাইক নিলেহেঁতেন। এইবিলাকৰ কাৰণ ভাবি-চিন্তি বাছা! তই সোক এৰি ধৈৰ্য ধৰ। মই তোক তাইৰ নিচিনা লাখৰ-বাখৰ আন এজনী বিয়া কৰাই দিম।