সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম অধ্যায় গুৱাহাটীত ৰাজমাৱৰ কটকী বদন বৰফুকনক হত্যা কৰোৱাৰ সময় মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বৰপুত্ৰ ৰুচিনাথ গোহাঁইদেৱ গুৱাহাটীত আছিল। ৰাজমাৱে পঠোৱা কটকী লাহে-ধীৰে দুমাহমান গৈ আহিনৰ আগ পথত গুৱাহাটী পালে। কটকীৰ মুখে বদন বৰফুকনৰ হত্যাৰ বাতৰি পাই ৰুচিনাথ গোহাঁইদেৱে কটকী যোৰাক আস্ত আদৰ কৰি তেওঁবিলাকৰ দুখ-ভাগৰ পলুৱাবলৈ এমাহ অৰ্থাৎ আহাৰৰ মাহটো ৰাখি থ'লে। ইপিনে তেওঁ ততালিকে ভাগি গৈ বঙালদেশৰ চলমাৰিত থকা ব্ৰজনাথ সিংহ আৰু তেওঁৰ পুতেক পুৰন্দৰ সিংহক আনিবলৈ এযোৰা কটকী পঠিয়ালে। ব্ৰজনাথ সিংহ আগৰ যোগেশ্বৰ ৰজাৰ পুতেক। তেওঁ আহোম সিংহাসনৰ এজন উত্তৰাধিকাৰী আছিল। পিছত পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াই তেওঁৰ কাণ এখনত অলপ যৎসামান্য খুঁত থকা বাবে তেওঁক ৰজা নাপাতি চন্দ্ৰকান্ত সিংহক ৰজা পতাত মনৰ বেজাৰতে আৰু চন্দ্ৰকান্তই বুঢ়াগোহাঁয়ে সৈতে লগ লাগি কেনেবাকৈ আৰু অপকাৰ কৰিব বুলি ভয় কৰি পুতেক পুৰন্দৰ সিংহই সৈতে চিলামৰিত গৈ পলাই আছিল। তাৰেপৰা তেওঁ চোৰাংচোৱা লগাই উজনি অসমৰ সমস্ত বাতৰি লৈ আছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু, মানৰ প্ৰথমবাৰ অসম আক্ৰমণ, পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰসকল গুৱাহাটীত আহি পলাই থকা এই সকলো বাতৰি পাইছিল। পিছত এতিয়া ৰুচিনাথ গোহাঁইদেৱে পঠিওৱা কটকীৰ মুখে বদনৰ মৃত্যুৰ বাতৰি শুনি ৰুচিনাথ গোহাঁইৰ পৰা আহ্বান পাই তেওঁ সপৰিবাৰে উজাই আহি এমাহৰ মূৰত গুৱাহাটী পালে। তেওঁ গুৱাহাটী আহি পোৱাত ৰুচিনাথ গোহাঁইদেৱে আস্ত-ব্যস্তকৈ নৈৰ কাষত বাহৰ কৰি ৰাখি ৰাজমাওৰ কটকীৰ মাৰফতে ৰাজমাওলৈ জনাই পঠিয়ালে যে তেওঁ চন্দ্ৰকান্তক তিলাৰ্ধও বিশ্বাস কৰিব নোৱাৰে। সেইদেখি তেওঁ চন্দ্ৰকান্ত সিংহক ৰজা ভাঙি তেওঁৰ থলত ব্ৰজনাথ সিংহক ৰজা মনোনীত কৰি সসৈন্যে যাব লাগিছে। ৰুচিনাথৰ পৰা পোৱা এই উত্তৰ চন্দ্ৰকান্ত ৰজাই পাই বৰবৰুৱা ডাঙৰীয়াক হাতত লৈ ৰুচিনাথ বিৰুদ্ধে এদল সৈন্য গঠন কৰিব ধৰিলে।