সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৮ ৰহদৈ লিগিৰী আশা কৰিছিলোঁ পুতেক উলটি আহিলে দুয়ো ৰজাঘৰলৈ আকৌ গৈ ৰজাৰ চৰণত ধৰি জাতলৈ তুলিবলৈ ৰজাৰ হতুৱাই সত্ৰীয়া ভাগৱতী বাপুক আদেশ কৰোৱাই উভয়ে পা-পৰাচিত হৈ আপোনাৰ বোৱাৰী হ'লোহেঁতেন। পুতেকক ৰজাইতো নগা পৰ্বতলৈ খেদা নাছিল। ৰাজমাও পাখৰী, ৰূপচিং আৰু বৰবৰুৱা এই তিনিও গোট পিট খাই তেওঁক সেইফালে পঠালে। ৰজাই এই কথাৰ গম এতিয়াও নাপায়। সময় বুজি, চেগ বুজি নিশ্চয় আপোনাৰ পুতেক আহিব। দেউতা! মোক এৰি নিদিব। ২০টা চাওডাং নালাগে ১০০ টা চাওডাঙেও মোক নিব নোৱাৰে যদি আপুনি আপত্তি কৰে।” তাইৰ এই কথাৰ কোনো উত্তৰ ধনীৰামে দিবলৈ নৌ পাওতেই হৰিপ্ৰিয়াই ক’লে,— “এইজনী আহোমৰ চুৱাখাতী বাটলু তিৰোতাৰ নিমিত্তে কৰক আপুনি অকলৈ এখান ৰণ! তাই যাওক চাওডাঙৰ লগত। যদি নাযায়ো তেনেহ'লে ভালে ভালে বুটী বাঢ়নীৰ কোব নৌখাওতেই মোৰ ঘৰৰ পৰা ওলাওক।” হৰিপ্ৰিয়াৰ এই নিষ্ঠুৰ বাণী শুনি ৰহদৈয়ে দুয়ো চকুৰে লো টুকি টুকি ক'লে, “বাৰু আই! মই চাওডাঙহঁতৰ লগতেই হওক বা যলৈকে হওক ওলালো। পিছত মোক বলেৰে চাওডাঙহঁতে ধৰিব মিলিব নালাগে। মই নিজেই গৈ নাৱত উঠোগৈ”— এই বুলি কৈ ধনীৰামক সেৱা এটা কৰি নৈৰ ঘাটলৈ গ'ল আৰু তাত বহি থকা চাওডাঙহঁতক ক'লে— “ককাইটিহঁত! তহঁতে মোক বল কৰি ধৰা-ধৰি নকৰিবি। ম‍ই তহঁতৰ লগত যাবলৈ ওলাই আহিছোঁ। তহঁতে ইয়াতে অলপ বাট চা। মই সৌ সি ঘাটে গাটো তিয়াই আহোঁ।” তাইৰ এই কথা চাওডাঙহঁতে বিশ্বাস কৰি তাইক গা ধুবলৈ যাবলৈ অনুমতি দিলে— তাই গা ধুবলৈ যোৱাৰ চলেৰে অলপ আঁতৰি গৈয়েই পশ্চিমে নৈৰ গৰাৰ ওপৰত বহি প্ৰথমেই দুধাৰ চকুৰ লো টুকিলে— তাৰ পিছত গাঁৱৰ ফালে চাই নিজৰ মনতে ক’লে,— “হায়! মোৰ অসমীয়া ভাতৃ! পিতৃ! মাতৃ! ভনীসকল! তোমালোকে কেৱে মোক নাৰাখিলা— মোৰ নিজ সতীত্ব ধৰ্ম ধৰি থাকিবলৈ ঠাই এফেৰা নিদিলা! প্ৰভু কৃষ্ণ! জনা-শুনা হ’বৰে পৰা প্ৰভু! তোমাক জনাই-নজনাই ভাবিলোঁ— তথাপি তুমি মোক ৰক্ষা নকৰিলা। বাৰু প্ৰভু। বাৰু মধুসূদন! বাৰু নিঠুৰ কলীয়া, মোৰ গাত পাপ নাই। প্ৰভু লোৱা এই দেহটো” এইবুলি স্তুতি কৰি গৰাৰ ওপৰত থিয় হৈ চাওডাঙহঁতে শুনাকৈ ৰিঙি মাৰি ক’লে— “হেৰা চাওডাঙসকল! ৰূপচিং, ৰাজমাও পাখীৰ গোলামসকল! মোক কেনেকৈ নিয়াহি নিয়াহি”— এই বুলি কৈয়েই গৰাৰ পৰা নৈত জাঁপ মাৰি পৰিল। চাওডাঙহঁত লৰি আহি নাপালে। নৈৰ সোঁতত ৰহদৈ কিমান দূৰ যে গ'ল সিহঁতে দেখাকে নাপালে।