সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ৭৯ লৰালৰিকৈ ডোম গাঁৱলৈ গৈ নদীয়ালৰ নাও আনে মানে বেলি হ'ল। নদীয়ালে নাও লৈ লৈ বিচাৰিলেহে বিচাৰিলে— ৰহদৈৰ দেহাটো নাপালে। চাওডাঙহঁত ঠোঁট-মুখ চেলেকি খবৰটো লৈ গুচি গ'ল। ধনীৰামে দুচকুৰে দুধাৰ লো মচিলে— হৰিপ্ৰিয়াই ক’লে,— “আপদ আঁতৰিল ভালেই হ'ল।” • •