সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী 99 কিজানি তাইৰ গিৰীয়েক ধনীৰামকো মুগ্ধ কৰে এইটোও ভয়। এই দুই কাৰণত হৰিপ্ৰিয়াই পেটে সমন্বিতে ৰহদৈক আঁতৰাব পাৰিলে ভাল পাইছিল। সুযোগ মিলিবলৈও সৰহ সময় নালাগিল। ৰহদৈক এমাহৰ আগেয়ে নিবলৈ অহা চাওডাঙহঁতে গৈ ৰহদৈয়ে কোৱা কথাবিলাক ৰাজমাও আৰু ৰূপচিঙক কোৱাত ৰাজামাও আৰু ৰূপচিঙে আলচ কৰি চিকা ৰূপ দুকুৰি দি এজনী আদবয়সীয়া মানুহ আৰু তাইৰ লগতে প্ৰায় দহজনমান চাওডাং পাৰ কৰি পঠিয়াই দিলে। আদেশ দিলে যে ওচৰৰ মানুহবিলাকক অলপ-অচৰপ ধন দি বশ কৰিব আৰু যাৰ ঘৰত ৰহদৈ আছে সেই ঘৰৰ গিৰিহঁতক ৰূপ একুৰি দি তেনেই হাত কৰিব যাতে গঞাই চাওডাঙহঁতে সৈতে যুঁজ-বাজ নকৰে। ৰহদৈক বল কৰি হ'লেও লৈ আহিব। সেই কালত অসমীয়া মানুহ স্বাধীন থকা বাবে সকলোৱে বলী আৰু সাহিয়াল আছিল। গাঁৱৰ পৰা কাকো কেৱে বল কৰি ধৰি নিব নোৱাৰিছিল। যথা সময়ত সেই আদহীয়া মানুহজনী চাওডাঙহঁতে সৈতে নৈ পাৰ হৈ মাজুলীলৈ আহিল— আৰু ৰহদৈ ধনীৰামৰ আশ্ৰয় থকা বুজ পাই, চাওডাঙহঁতক নৈৰ ঘাটত থৈ বুঢ়ী ধনীৰামৰ ঘৰৰ ওচৰত মানুহকেইঘৰত ফুৰি-চাকি শেষত ধনীৰামৰ গৃহিণী হৰিপ্ৰিয়াৰ ওচৰ চাপি হৰিপ্ৰিয়াক ৰূপ একুৰি দি ৰহদৈক পানী অনা ঘাটতে ধৰি লৈ যাবলৈ আলচ-যুকুতি কৰিলে। হৰিপ্ৰিয়া আৰু সেই বুঢ়ীৰ আলচ-যুকুটি ৰহদৈয়ে তেনেই বুজ পালে। যেতিয়া সিহঁতে আলচিছিল তেতিয়া ধনীৰাম ঘৰত নাছিল। আলচ-যুকুতি হোৱাৰ অলপ পিছতে তেওঁ আহি পোৱাত ঘৈণীয়েকে তেওঁক ৰাজমাৱে কৈ পঠোৱা সমস্ত যুক্তি ক’লে। হৰিপ্ৰিয়াই ইয়াকো ক'লে যে ৰহদৈৰ নিচিনা জাত-কুল যোৱা বাটলু তিৰোতা এজনীৰ নিমিত্তে ওচৰৰ গঞাখনে চাওডাঙে সৈতে ৰণ দি কেতিয়াও নমমে; কিয়নো ৰাজমাৱে গঞাখনকো হাত কৰিছে। পুতেক দয়াৰাম কেতিয়াবা উলটিলেও ৰহদৈক জাতত তুলি লৈ কিবা কৰাৰ নোৱাৰিব। পুতেকে জীয়াই আছে নে নাই তাৰোতো একো নিশ্চয় নাই। যদি জীয়াই আছে আৰু কেতিয়াবা উলটি আহে তেনেহ'লেও ৰহদৈয়ে সৈতে গিৰীস্থী কৰি খাব নোৱাৰিব; কিয়নো ৰূপচিং বঙালে যেনেহ'লেও দয়াৰামক প্ৰাণে মাৰি হ'লেও— তাইক নিবই বুলি প্ৰতিজ্ঞা কৰিছে। এনেকুৱা স্থলত ৰহদৈক ৰক্ষা কৰা টান। সেই দেখি তাইক বৰং বুৰাই- বুজাই আকৌ ৰজাঘৰলৈকে পঠাই দিয়াই যুগুত। ঘৈণীয়েকৰ এনেকুৱাবিলাক অখণ্ডনীয় যুক্তিত, ধনীৰামে ইচ্ছা নথকাতো ৰহদৈক ভিতৰলৈ মাতি নি কথাবিলাক ক'লে। ৰহদৈয়ে কান্দি কান্দি ক’লে, “দেউতা! যদিও মোৰ কপালৰ দোষত ম‍ই আপোনাৰ বোৱাৰী হ'ব পোৱা নাই, তথাপি ধৰ্মত ম‍ই আপোনাৰ বোৱাৰীয়েই।