সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৬ ৰহদৈ লিগিৰী আহিব বুলি আশা কৰি নিজ ঘৰতে অকলে অকলে কটালে। এমাহৰ পিছৰ পৰা তাইৰ ঘৰলৈ সকলো জাতৰে গাঁৱলীয়া ডেকা দুই-চাৰিজনে আহি তাইক মুখেৰে আৰু অলপ খৰি-খেৰ দি পুতৌ কৰা দেখুৱাৰ লগেলগে সিহঁতৰ অসৎ অভিপ্ৰায়বিলাক একে একে ক'লে। তাই কিন্তু লক্ষ্যভ্ৰষ্ট নহ'ল। দুই-এজনক তাই হাঁহি হাঁহি উত্তৰ দিছিল— “মই দেখোন চোৱা পানীটোপাও অসুচি হয়, ম‍ই কটা তামোলখনো দেখোন নোখোৱা, এনেকুৱা স্থলত মোৰ প্ৰেম পাবলৈনো কিহৰ বলত আশা কৰা? মোক চুলেই দেখোন গা ধুই পৰাচিত হ'ব লাগে এনেস্থলতনো মোক কেনেকৈ পাবা?” ইয়াৰ উত্তৰত দুই-এজন ডেকাই কৈছিল “মইতো তোমাক অশুচি বুলি নাভাবোঁ। আমাৰ সমাজে আমাক আলগ কৰাৰ ভয়তহে দেখাদেখিকৈ তোমাৰ সৈতে কোনো ব্যৱহাৰ কৰিব নোৱাৰোঁ তোমাক বিয়া কৰাই তিৰোতা কৰিব নোৱাৰোঁ; কিন্তু গুপুত প্ৰণয় কৰিবলৈ বাধা কি? তোমাক ধন-সোণ দিম। সুখত ৰাখিম।” এনেকুৱা কথাৰ উত্তৰত ৰহদৈয়ে কৈছিল,— “মই এনেকুৱা মহাপাপ কৰিবলৈ আগ নাবাঢ়ো। মোক তোমাৰ যিটো মৰম দেখুৱাইছা সেইটো তুমি যাক বিয়া কৰাবা বা কৰাইছা তেওঁক দেখুৱাহে যুগুত। মোৰ আগৰ পৰা তুমি এতিয়া আঁতৰা। ” এনেকুৱা কথাতে অনেকেই— যাৰ এফেৰাও বিবেক শক্তি আছিল— সেইবিলাক আঁতৰিল কিন্তু দুই-চাৰিজন পাষণ্ড গাঁৱলীয়া ডেকাই তাইক বল কৰি সতীত্ব নষ্ট কৰিবলৈকো যদি চেষ্টা কৰিছিল তথাপি কেৱে তাইৰ সতীত্ব নষ্ট কৰিব নোৱাৰিলে। কিন্তু তাই অকলে অকলে নিজ ঘৰত থাকি এই গাঁৱলীয়া পাষণ্ডহঁতৰ উদ্ভণ্ডালিত ৰক্ষা নোপোৱা হৈ গৰু দুটা, ম’হটো এই তিনিওটা সম্পত্তিয়ে সৈতে দয়াৰামৰ বাপেক ধনীৰামৰ ঘৰলৈ গৈ নিজৰ সকলোবিলাক দুখৰ কাহিনী কৈ বাহিৰা ঘৰ এটাত তেওঁবিলাকৰ আশ্ৰয়ত মাথোন থাকিবলৈ বৰকৈ কাকূতি-মিনতি কৰাত ধনীৰামে তাইৰ গৰু-ম'হ নিজা কৰি লৈ তাৰ বেলেগ বাহিৰা ঘৰ এটাত নিজে কৰি-মেলি খাবলৈ দি আৰু তাইৰ পৰা গোহালিৰ গোবৰ পেলোৱা, ঠাই সৰোৱা, পথাৰৰ ধান দোৱা ইত্যাদি কামৰ সহায় পোৱাৰ বন্দৱস্ত কৰি তাইক আশ্ৰয় দিলে। একাৱন অধ্যায় মাজুলীত ধনীৰামে ৰহদৈক আশ্ৰয় দি নিজৰ ওচৰত ৰখা কথাটো তেওঁৰ ঘৈণীয়েক হৰিপ্ৰিয়াই ভাল নাপালে। সতিনীৰ পুতেক দয়াৰণে উলটি আহি তাইক বিয়া কৰাই সুখী হ'ব এইটো হৰিপ্ৰিয়াৰ পক্ষে অসহনীয়। তাতো ৰহদৈ যেনেহে ৰূপৱতী