ৰহদৈ— বাৰু। ৰহদৈ লিগিৰী দয়াৰাম— তাৰ পিছত এইবেলি আহিন মাহৰ দুৰ্গা পূজাত নগৰলৈ গৈ ৰজাঘৰত দুৰ্গা পূজা চামগৈ দেই। ৰহদৈ— আয়ে-বোপায়ে যাবলৈ দিলে যাম। পিছত মোক তোৰ নাৱত নিবিনে? দয়াৰাম— নিমতো। তোক নিনিয়াকৈ মই পূজা চাবলৈ নাযাওঁ। ৰহদৈ— বাৰু! এই কথা-বতৰাৰ পিছত দুয়ো দুফালে ম'হ লৈ গ'ল। দয়াৰামে ম'হৰ ওপৰত উঠি গালে— প্ৰেমৰ ডোলেৰে বান্ধিলি মইনা প্ৰথমৰ পিৰীতি জৰী। নেৰিবি নেৰিবি এনুৱা পিৰীতি এথানি এবানি কৰি॥ চতুৰ্থ অধ্যায় ল'ৰাকালত ফাগুন গৈ চ'তৰ মাহ পৰিল। অসমৰ সকলো ঠাইতে ডেকা-গাভৰু, ল'ৰা- ছোৱালী আনকি বুঢ়া-বুঢ়ী পৰ্যন্ত বিহুত উত্ৰাৱল হ'বলৈ ধৰিলে। আন আন ল'ৰা- ছোৱালীৰ দৰে ৰহদৈ দয়াৰামো বিহুত মতলীয়া হ'ল। দয়াৰামে ৰহদৈক য'ৰে পৰাই পাই ত’ৰে পৰা বিচাৰি বিচাৰি আনি কেতেকী ফুল দিছিল, লং গুটি দিছিল। তাইক দয়াৰামে দিয়া এইবিলাক বস্তু অতি সাদৰেৰে লৈ তাৰ পৰিৱৰ্তে তাই ঘৰৰ পৰা কাটি থুৰিয়াই অনা তামোল দিছিল। দুয়ো চ'তৰ নিশা বিহুত একেলগে নাচিছিল। দয়াৰামে ঢোল বজালে তাই নাচিছিল আৰু তাই হাতত চাপৰি মাৰি গীত গালে বা গগনা বজালে দয়াৰামে নাচিছিল। এইদৰে গোটেই চ'ত মাহটোত উভয়ে নিশা-বিহু কৰিছিল। ব'হাগৰ বিহুৰ আগদিনা যেতিয়া ৰাইজে ওচৰৰ বিলত মাছ মাৰিবলৈ গৈছিল, তেতিয়া ৰহদৈ আৰু দয়াৰামেও ৰাইজৰ মাজত উভয়ে ওচৰা-উচৰি হৈ মাছ মাৰিছিল। ফাগুন-চ'ত মহীয়া নৈত ডেকা আৰু ছোৱালীবিলাকে সাঁতোৰ শিকোঁতে দয়াৰামে ৰহদৈক কঁকালত ধৰি ধৰি সাঁতুৰিবলৈ শিকাইছিল। এইদৰে লগে ম'হ ৰাখি, লগে সাঁতুৰি, লগে নিশা-বিহু গাই উভয়ে উভয়ক ভাল পাইছিল। ল'ৰা কালতেই উভয়ৰ প্ৰতি উভয়ৰে এটা মৰম-চেনেহ সোমাইছিল।
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৮
অৱয়ব