G ৰহদৈ লিগিৰী পঞ্চম অধ্যায় প্ৰেমালাপ নে চুপতা চুপতি ব'হাগৰ বিহু হৈ যোৱাৰ পিছত আকৌ এদিন ৰহদৈয়ে তাইৰ ম'হটো দুপৰীয়া নৈলৈ পানী খুৱাব নিছিল। সেই সময়ত সেইদিনা দয়াৰামে নৈত গা ধুই অলপ সাঁতুৰি আছিল। তাই ম'হ লৈ গৈ পোৱাত দয়াৰামে তাইক দেখি ক'লে— “ৰহদৈ! ম’হটো পানী খুৱাব আনিলি?” ৰহদৈ— এৰা পাই আনিছোঁ। তোৰটো কি কৰিলি? দয়াৰাম— মোৰটো পানী খুৱাই সদ্যহতে ঘৰত বান্ধি থৈ আহিছোঁ, পিছত গা- পা ধুই গৈ এমুঠি পঁইতা বা কৰকৰা ভাত খাই আকৌ তাক চাৰিবলৈ নিম। পিছত ৰহদৈ! তই আজিও ইয়াৰ পিঠিত উঠি আহিছনে? ৰহদৈ— এৰা পাই! তাৰ পিঠিত উঠি গুণ গুণকৈ গীত নাগালে সি এখোজকে আগবাঢ়িব নোখোজে। অ’। দয়াৰাম— ৰহদৈ! তোক আজিকালি ম’হত উঠি ফুৰা দেখিলে ভাল নাপাওঁ ৰহদৈ— কেলেই? দয়াৰাম— তই যে আজিকালি গাভৰু হৈ আহিছ, এতিয়া তোক ম’হত উঠি ফুৰাটো ভাল নেদেখি। ৰহদৈ— ভালকে দেখ বা বেয়াকে দেখ কি কৰিম উপায় নাই। দয়াৰাম— উপায় থাককে বা নাথাককে মাইকী মানুহক এনেকুৱা এটা জন্তুত উঠি ফুৰাটো নুশুৱায়। মই বেয়া দেখোঁ। ৰহদৈ— মই ম’হত উঠি ফুৰাটো যে বেয়া দেখ, পিছত দুৰ্গা গোসাঁনীয়ে ভয়ানক সিংহ এটাৰ ওপৰত উঠি ফুৰাটো, জানো বেয়া নেদেখ? দয়াৰাম— তেওঁ যে গোসাঁনী। ৰহদৈ— গোসাঁনীয়ে যদি বাঘ আৰু সিংহত উঠি ফুৰিব পাৰে তেন্তে আমি তেওঁৰ জীয়ৰী বা দাসীসকলে হাতী, ঘোঁৰা, ম'হত উঠিলেনো কি জগৰ লাগিব পাৰে? দয়াৰাম— অৱশ্যে একো জগৰ যে নালাগে সেইটো সঁচা। পিছত মই হ'লে তোৰ নিচিনা ম'হত উঠি ফুৰা ডাংকাটী গাভৰু বিয়া নকৰাওঁ। ৰহদৈ— নকৰিলিয়েই বা তই বিয়া, তাতনো মোৰ কি লাভ-লোকচান আছে। মইতো তোত বিয়া সোমাব খোজা নাই। দয়াৰাম— মই যে তোকেহে বিয়া কৰাম বুলি পাঙি থৈছিলোঁ ঐ ৰহদৈ!
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৯
অৱয়ব