সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 ৰহদৈ লিগিৰী ওপৰত থাকোঁতেই ম'হটোৰ নাকী-জৰীত ধৰি বালিয়ে বালিয়ে খোজ কঢ়াই নি পানীৰ কাষ চাপি পানী খুৱাব ধৰিলে; এনেতে পূবৰ ফালৰ পৰা দয়াৰামেও তাৰ মতা ম ইটো লৈ সেইখিনি পালেহি। ৰহদৈৰ ম'হটোক পানী খুউৱা দেখি সি তাৰ ম'হটোৰ নাকী-জৰীডাল টানকৈ ধৰি ক'লে— “হেৰ ৰহদৈ। তোৰ ম'হটো সাৱধানে ৰাখিবি ঐ! কেনেবাকৈ তোৰ হাতৰ পৰা এৰাব লাগিলে পোনেই একে কোবে আহি মোৰটোৰে সৈতে খুন্দিয়া-খুন্দি লগাব।” ৰহদৈয়ে তাৰ ফাললৈ উলটি চাই কলৈ— “অ’ দয়াৰাম তইহে? তোৰ ম'হটোও পানী পিয়াব আনিছ? বাৰু মোৰটো মই এই সাৱধানে ধৰিলোঁ চা, তোৰটো চম্ভালিবি মাথোন। তোৰটো ইয়ালৈ নানিবি। অলপ আঁতৰলৈ নি পানী খুৱাগৈ৷” ৰহদৈৰ এই কথাত দয়াৰামে তাৰ ম'হটো আঁতৰলৈ নি পানী খুৱালে। ৰহদৈয়ে নিজৰটোক পানী পিয়াই তাৰ পিঠিত উঠি ঘৰমুৱা হৈ যাবলৈ ধৰোঁতে দয়াৰামে ক'লে— “হেৰ ৰহদৈ! তই অলপ ৰ’বিচোন মোৰটোক পানী খুৱাওমানে। তোৰ লগত মোৰ কথা অলপমান আছে।” ৰহদৈয়ে “বাৰু তেন্তে” বুলি কৈ গৰাৰ ওপৰলৈ উঠি ম’হটো নি চৰাব ধৰিলে। দয়াৰামে তাৰটোক পানী খুউৱা হ'লত তাৰ মহটোৰ পিঠিত উঠি গৰাৰ ওপৰলৈ গ'ল আৰু অলপ আঁতৰৰ পৰা ৰহদৈক ক'লে— “ৰহদৈ তোৰ ভায়েৰে আৰু বাপেৰেও দেখোন ম’হটো চাৰি বান্ধি লৈ ফুৰাব পাৰে, তাকে নকৰি তোৰ গলতনো ম'হটো কেলেই আঁৰি দিছে?” ৰহদৈ— “এ পাই! ভাইটো সৰু। সি গৰু দুজনী চাৰে, বান্ধে। বোপায়ে অকলৈ খেতি-বাতিকে কৰিব নে ম'হ-গৰুকে চাৰিব। সেইদেখি পাই! ময়ে এই ম’হটো চাৰি লৈ ফুৰাওঁ। পিছত মই তোক সোধোঁ তহঁত দেখোন ধন-চহকী মানুহ। দেউতাৰে এটা চাকৰ ৰাখিও দেখোন ম'হটো চৰোৱাব পাৰে। তাকে নকৰিনো তোৰ গলত সেইটো কেলেই আঁৰি দিছে?” দয়াৰাম— “এঃ কি কম। দেউতাই মানুহ ৰাখি এইটো চৰোৱাব বন্ধোৱাপ পাৰে সঁচা পিছত মাহীয়ে সেইটো কৰিব নিদিয়ে নহয়।” ৰহদৈ— “মাহীয়েৰে তেন্তে তোক ভাল নাপায় হ’বলা?” দয়াৰাম— (দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি) “এৰা! ভাল পালেনো এইলেখীয়া কৰে জানো? খোৱা-পিন্ধাত কেতেৰ-জেঙেৰ কৰে জানো? ৰহদৈ— এৰা পাই! বুজিলো তোক মাহীয়েৰে ভাল নাপায়। তোৰ মনত দুখ লগা দেখি মোৰো দুখ লাগিল। তোক ম‍ই এইষাৰ কথা সুধিব নেলাগিছিল। পিছত এতিয়া যাওঁগৈ দেই। দয়াৰাম বাৰু যাবিয়েইতো কথা এটা শুনি যা। বহুদৈ— কি কথা? দয়াৰাম— এইবেলি চ'তৰ নিশা-বিহুত একেলগে বিহু গাম আৰু নাচিম দেই।