সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ৭ কাৰ্য সিদ্ধি নহ'ল। মাকে ভাবিছিল দয়াৰাম যদি কেনেবাকৈ কেতিয়াবা উলটি আহে তেন্তে তালৈকে জীয়েকক দি সুখী হ'ব আৰু দৈবাৎ যদি চাৰি-পাঁচ বছৰৰ ভিতৰতো দয়াৰাম নাহে তেন্তে ৰহদৈৰ ক্ৰমে তালৈ মৰম পাতলিলে তাইক আনলৈ দিব অথবা ঘৰত এজনক চপাই ল'ব। ৰহদৈয়ে ভাবিছিল তাই ইহজনমত দয়াৰামত বাজে কাকো নাভাবিব। কিন্তু কি হ'ল। চাওক। বেচেৰীয়ে মাকৰ লগত থাকি যি যৎকিঞ্চিৎ সুখ ভোগ কৰিছিল, বিধাতাই তাইক সেই সুখৰ পৰাও বঞ্চিত কৰিলে। তাই ঘৰ চাপিবৰ তিনি মাহমানৰ মূৰত সেই বেলি মাজুলীত বৰকৈ মাউৰ বেমাৰ লাগিল। একেবাৰে শালমৰা মুখৰে পৰা ভাটিলৈকে মাউৰে গাঁৱে গাঁৱে মানুহ মাৰি খাস্তাং কৰিলে। ৰহদৈহঁতৰ গাঁৱতো মাউৰ লাগি ঢেৰ মানুহ সিলীয়া হ'ল। হতভাগিনীৰ মাক আৰু ভায়েকো সেই ৰোগত পৰি বাৰ ঘণ্টাৰ ভিতৰতে দুঘণ্টাৰ অগা-পিছা কৰি সিপুৰী পালেগৈ। ৰহদৈৰ হ'লে একো নহ'ল। ৰহদৈয়ে কপাল-মূৰ ঢাকুৰি কান্দি-কাটি কতনো অনুনয়-বিনয় কৰি গাঁৱৰ মানুহক শৱ দুটা নিবলৈ মাতিলে তথাপি কেও নাহিল। এনেয়ে গাঁৱত মাউৰ লাগিলে গাঁৱলীয়া মানুহে কেৱে কাৰো বুজ নলৈ মাউৰক উপদেৱতা বুলি ভাবি গধূলিতে দুৱাৰ-ঘৰ মাৰি সোমায়, তাতে আকৌ ৰহদৈৰ সংসৰ্গত থকা বাবে মাক-ভায়েকৰো জাতি গৈছিল বুলি গঞাসকলে সিহঁতক এঘৰীয়া কৰি থৈছিল। একোকে উপায় নেপাই বেচেৰীয়ে শেহত গোহালিৰ গৰুৰ পঘা এডাল লৈ শৱ দুটাৰ ভৰিত খোৰোচা গাঁঠি দি বান্ধি এটা এটাকৈ নি শৱ দুটা কান্দি কান্দি নৈত পেলাই দি মূছকচ গৈ নিজৰ ঘৰৰ ভিতৰতে দুদিন অনাহাৰে পৰি থাকিল। তাইৰ মাক আৰু ভায়েক মৰাৰ তৃতীয় দিনা গাঁৱত মাউৰ থামিল। তাই চেতন লভি কোনোমতে আগৰ আনি থোৱা পানীৰে ঘৰ দুটা মচি চুচৰি-বাগৰি নৈত গৈ গা তিয়াই আহি ভোকত তত্‌ নেপাই টেকেলিত থোৱা পিঠাগুৰি অলপ উলিয়াই খালে। গোহালিৰ গৰু-ম'হ পথাৰে পথাৰে, গাঁৱে-ভূয়ে উদং হৈ চৰি ফুৰিছিল৷ বেচেৰীয়ে গঞাসকলক মাক-ভায়েকৰ দহা কাম কৰিবলৈ কিমান যে খাটিলে কিন্তু কেও নাহিল। শেহত একো উপায় নাপাই বেচেৰীয়ে নিজে নিজে অকলে অকলে ঈশ্বৰ কৃষ্ণৰ নাম-কীৰ্ত্তন কৰিলে। তাই মাক, বাপেকৰ পৰা মুখে মুখে কীৰ্ত্তন, দশম, বৰগীত ঘোষা ইত্যাদিৰ পদ শিকিছিল সেইবিলাককে বেচেৰীয়ে মাক আৰু ভায়েকৰ উদ্দেশ্যে দিনে-নিশাই এমাহলৈকে কোনোমতে এসাজ পানী পিঠাগুৰি, সাঁচি থোৱা কোমল চাউল আদি খাই গালে। আৰু হাতত যি অলপ পাই-পইচা আছিল তাকে গাঁৱৰ দুখী ল'ৰা আৰু দুই-এজন বামুণক দান কৰিলে। এইদৰেই তাই মুখৰ চুৱা গুচাই এমাহৰ পিছত নিজৰ মনক বুজাই দয়াৰাম উলটি