সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ৭১ এই বুলি কৈ তাই ভৰি-হাত ধুলে। মাকে ৰান্ধনি-ঘৰৰ পৰা দৈ আৰু গুড়ে সৈতে চিৰা এবাটি আনি ৰহদৈক মাল ঘৰতে খুৱালে। তাৰ পিছত মাক-পুতেক দুয়ো খাই-বৈ ওলাই আহি মাৰল ঘৰত ৰহদৈৰ কাষত বহি তাইৰ আদ্যোপান্ত বৃত্তান্ত শুনিলে। তাই কৈ যোৱাৰ লগে লগে মাকে একোটা একোটা দীঘল হুমুনিয়া কাঢ়িলে। ৰহদৈয়ে নিজৰ বৃত্তান্ত কোৱা হ'লত মাকে সুধিলে— “বাৰু বাছা! কচোন দয়াৰামৰ কি হ'ল।” ৰহদৈ— “আই! তেওঁক দেখোন নগা পৰ্বতৰ ফাললৈ খেদালে।” এইবুলি কৈ ৰহদৈয়ে উচুপি উচুপি কান্দিলে। কমলা— বাছা! নাকান্দিবি। তই ধৈৰ্য ধৰ। কিছুদিন বাট চা। সি হয়তো কিছুমান দিনৰ মূৰত পলাই হ'লেও এইখিনি পাবহি। যদি সি নিতান্তই উলটি নাহে তেন্তে তিনি বছৰৰ মূৰত যি হয় আন এটা দিহা কৰিম। সদ্যহতে তোক ম‍ই গুৰুঘৰৰ পৰা আদেশ লৈ পা পৰাচিত কৰোৱাই জাতত তুলি লওঁ। মাকৰ এই কথাত ৰহদৈয়ে চকুৰে লো টুকি ক'লে,— “আই! তেওঁ যেতিয়াই মোৰ নিমিত্তেই ইমান শাস্তি খালে মই ইটো জনমত তেওঁৰ বাজে আন কাকো নিচিন্তো। তাইৰ কথাত মাকে মূৰত চুমা এটা খাই ক'লে,— “বাৰু বাছা! তোৰ ইচ্ছামতেই হ'ব। দুখুনী মাৰৰ লগতে কিছু কাল ধৈৰ্য ধৰি থাক।” আঠচল্লিশ অধ্যায় কমলাবাৰী সত্ৰত পিছদিনা ৰাতিপুৱাই ৰহদৈৰ মাক কমলাপ্ৰিয়াই গা তিয়াই উঠি হাতত অলপ ধন আৰু পাচি এটাত অলপ বাৰীৰ শাক-পাচলি লৈ সত্ৰলৈ গ'ল আৰু অধিকাৰ পুৰুষৰ বহাৰ আগচোতালত বহি আলধাৰাৰ আগত অধিকাৰলৈ জনাই পঠিয়ালে যে ৰতিকান্তৰ বিধৱা পত্নী কমলাপ্ৰিয়াই কিবা এটা লেঠাত পৰি প্ৰভুৰ আদেশ ল'বলৈ আহিছে। আলধৰাই এই কথা জনালত অধিকাৰে ভিতৰৰ পৰা সুধি পঠিয়ালে— “বিষয়টোনো কি” আলধৰাৰ আগত কৈ পঠিয়ালেই তেখেতে যথাবিহিত উপদেশ দিব পাৰিব। আলধৰাই গোসাঁই ঈশ্বৰৰ এই আদেশ আহি কোৱাত কমলাপ্ৰিয়াই ৰহদৈৰ সকলো বৃত্তান্ত জনাই সুধি পঠিয়ালে তাইক কি উপায়েৰেনো জাতত তুলিব পৰা যাব। ইয়াৰ উত্তৰত গোসাঁয়ে কৈ পঠিয়ালে যে তাই ভাগৱতী ভোলাই শৰ্মা বাপুৰ ওচৰলৈ গৈ ব্যৱস্থা লওক। গোসাঁয়ে নিজে ব্যৱস্থা নিদিয়ে। এইদৰে গোসাঁয়ে কৈ পঠোৱাত কমলাপ্ৰিয়া ভোলাই শৰ্মা ভাগৱতীৰ বহালৈ গ'ল আৰু তেওঁৰ বহাৰ পিৰালিত উঠি দুৱাৰমুখৰে পৰা এটা