সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ৰহদৈ— আতৈ, মোৰ নাম ৰহদৈ। মোৰ পিতাৰ নাম ৰতিকান্ত। গাঁৱলীয়া— অ’! মই তোক তেনেই চিনি পালোঁ। তই ৰজাঘৰত ৰজাৰ মৰমৰ লিগিৰী আছিলি নহয়? তোক ৰজাই তেওঁৰ দ্বিতীয়া ৰাণী পাতিব খুজিছিল নহয়? পিছত তইনো আজি এই বেশে এইখিনি কেনেকৈ পালিহি? ৰহদৈ— আতৈ, সেইবিলাক ভালেমান কথা। পিছত ম‍ই যাব পাৰিমনে? বাটত একো ভয়ৰ কাৰণ নাইতো? গাঁৱলীয়া— বেগাই গ'লে সাজ গঢ়োঁতেই পাবিগৈ। নহ'লে বাটত নিশা হ’লে প্ৰাণৰ আশংকা আছে। আজি কেইদিনমানৰ পৰা কমলাবাৰী সত্ৰৰ ওচৰতে এটা বৰ ডাঙৰ ঢেঁকীয়াপতীয়া বনৰজা গধূলি গঢ়ি গ'লেই ওলাই গাঁৱলীয়াৰ গৰু মাৰিব ধৰিছে। ৰহদৈ— তেনেহ'লে আতৈ, আজি নিশাটো অনুগ্ৰহ কৰি এই দুখুনী আপোনাৰ ঘৰতে শুবলৈ ঠাই এডোখৰ দি অনাথিতি জীৱটোক ৰক্ষা কৰক। গাঁৱলীয়া— এ আইটি! মোৰ ঘৰ মুঠেই দুটা। বৰ ঘৰটোত আমি ৰন্ধা-বঢ়াও কৰোঁ আৰু শোওঁ। মাৰল ঘৰটোত মোৰ ডেকা ল'ৰাটো শোৱে। মোৰ ঘৰত ঠাই নহ'ব। ৰহদৈ— “আতৈ! তেন্তে মই আহিলোঁ।” এই বুলি কৈ ৰহদৈয়ে কমলাবাৰী মুখে বেগেৰে খোজ ল'লে। সাতচল্লিশ অধ্যায় মাজুলীত হাবিয়লীয়া বাটটোৱেদি জীউ-মূৰ টাকি লৰি-ঢাপৰি তিনি দণ্ডমান বেলিৰ ভিতৰতে ৰহদৈয়ে কমলাবাৰী পালেগৈ আৰু পোনেই নিজৰ ঘৰলৈ গৈ “আই” বুলি মাত লগোৱা মাত্ৰকে মাক ওলাই আহি “আই” ঔ মোৰ বাছা! তইনো ক'ৰ পৰা কেনেকৈ আহিলি? বুলি কৈ গলত ধৰি পাৰেমানে কান্দিলে। মাকে তাইক তাই ৰজাঘৰলৈ যোৱাৰ দুবছৰ পিছতে বাপেকে (ৰতিকান্ত) টান জ্বৰত বৈকুণ্ঠী হ'ল বুলি কোৱাত ৰহদৈয়ে আকৌ ফেঁকুৰি ফেঁকুৰি কান্দিলে। মাকে তাইৰ লগতে আকৌ কিছুপৰ কান্দি- কাটি শেহত ধৈৰ্য ধৰি ক'লে,— “বাছা! তই বহ। ভায়েৰ হেমে পানী এলোটা দিয়কহি। তই ভৰি-হাত ধো। হেৰ হেম! বাইদেৱৰাক ভৰি-হাত ধুবলৈ পানী এলোটা দেহি।” এইদৰে কৈ কমলাপ্ৰিয়া ৰান্ধনি-ঘৰৰ ভিতৰলৈ সোমাই গ'ল। হেমে পানী এলোটা আনি ৰহদৈক দি সুদিলে,— “বাইটি! তই ক'ৰপৰা আহিলি?” ৰহদৈ— “ভাইটি! মই ৰজাৰ ৰাঙলীবাহৰৰ পৰা আহিলোঁ। বাৰু পিছত ম‍ই সকলো কথা ক'ম”