সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২ ৰহদৈ লিগিৰী সেৱা কৰি মাত লগালে,— “দেউ! মই বেটী আহিছিলোঁ এটা ব্যৱস্থাৰ নিমিত্তে সেই সময়ত ভোলাই শৰ্মাই সেৱাপূজা নাম-প্ৰসংগ কৰি উঠি ঢাৰি এখনত বহি এটা আগত লৈ তামোল কাটি খাইছিল। এটা সৰু আলধৰা ল'ৰাই বাপুলৈ চিি এটাত ধঁপাত খাবলৈ আঙঠা তুলিছিল। কমলাপ্ৰিয়াৰ মাতত ভোলাই শৰ্মাই দাঙি চাই ক'লে— “অ' আমাৰ কমলা দেখোন! কি সকামে বা আজি ইয়ালৈ অহ হৈছে?” কমলা— দেউ! এটা লেঠাত পৰি দেউৰ ওচৰলৈ আহিলোঁ। ভোলাই শৰ্মা— এৰা লেঠাত নপৰিলেনো আমাৰ এইখিনি পোৱাহি জানো? পিছত লেঠাটো কি? কমলা— দেউ! আপোনালোকে বোধকৰো জানে মোৰ জীজনীক ৰজাট চাওডাং আৰু কটকী পঠিয়াই ৰজাঘৰলৈ নি আজি তিনি বছৰ তাইক লিগিৰী কৰি ৰাখি এতিয়া বিদায় দিছে। লিগিৰী থকা কালত তাই নিজে ৰান্ধি বাঢ়ি খাইছিল। এতিয়া তাইক কি উপায়ে হয় জাতত তুলিব লাগে যদি তাইক সংস্পৰ্শ দোষে পাইছে। ভোলাই শৰ্মা— তাইক জাতলৈ তোলাটো অসম্ভৱ। তাই আহোমৰ ঘৰত থকা বাবে তাইৰ জাত গৈছে। তদুপৰি ৰজাই তাইক সৰু ৰাণী পাতিব খোজাতো তাই ধনীৰাম মেধিৰ পুতেকে সৈতে ধৰা পৰি ৰাজদণ্ডত দণ্ডিতা হৈছে। যাতো চন্দ্ৰকান্ত ৰজা দুৰ্ব্বলী মনৰ হ'লেও মৰমিয়াল। নহ'লে তাইৰ প্ৰাণদণ্ড হ'লহেঁতেন। এনেকুৱাবিলাক স্থলত তাইক পৰাচিত কৰিব পৰা কোনো বিধিয়েই নাই। মোৰ বিবেচনাৰে হ'লে তাই উলটি গৈ তাইক কোনো এটা আহোমক গতাই ৰূপচেৰেক লৈ সুখেৰে খাগৈ। আৰু তইও ডেকা গা বুঢ়া নকৰি মতা এটা ধৰি খাই-বৈ নাথাক কেলেই? কমলা— দেউ! বেটীক মানুহ এটা চপাই ল'বলৈ দেৱে কোৱাটো যুগুত হোৱা নাই। বেটীয়ে ল'ৰা ডোখৰকে বুকুত বান্ধি লৈ স্বামীৰ ধৰ্মকে ধৰি আজি দুবছৰ কাল কটাইছোঁ। মোক দ্বিচাৰিণী হ'বলৈ দেৱে ক'ব নালাগিছিল। ভোলাই শৰ্মা— 'হৈৰ! তোৰ নিচিনা ধুনীয়া গাভৰুৱে দ্বিচাৰিণীহে নেলাগে ত্ৰিশ্চাৰিমী, চতুশ্চাৰিণীও হৈছে। এটাৰ পিছত এটা এইদৰে চাৰি-পাঁচোটালৈকে মতা লৈছে। তই এনেয়ে ধুনীয়া তাতে এতিয়াও গাভৰুৰ দৰে হৈয়ে আছ। তই মতা নোলোৱাকৈ থাকিলে তোত যে আমাৰ ডেকা ল'ৰা কিমান পতিত হ'ব তই বুজ পোৱা নাই হ'বলা। কমলা— দেউ! আপুনি ব্ৰাহ্মণ মানুহ। বেটীক আৰু তেনেকুৱাবিলাক কথা নক’'ব। মোক মাথোন কওক মোৰ জীজনীক কেনেকৈ জাতলৈ তোলোঁ।