সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ৬৯ € ৰহদৈ চুবেদাৰ চাহাব! তুমি মোৰ পিতৃস্বৰূপ। মোক আৰু বেয়া কথা কৈ দুখ নিদিবা এনেয়ে মই ভালেমান দুখ ভুগিছোঁ। ৰূপচিং— এবাৰ মোলৈ ভাবি চোৱাছোঁ। ৰহদৈ— ভাবি চাইছোঁ। তুমি মোৰ আশা পৰিত্যাগ কৰা। ৰূপচিং— ইটো জনমলৈ নহয়। ৰহদৈ— বাট এৰি দে। মোক আৰু ৰাখি নথ'বি বঙাল। ৰূপচিং— বাট এৰি নিদিলেনো কি কৰিবি? ৰহদৈ— মই চিঞৰি ৰাইজত আশ্ৰয় মাগিম। ৰূপচিং— বাৰু, সদ্যহতে তোক এৰি দিলোঁ— পিছত লাহৰি! ম‍ই যেনে তেনেকৈ তোক লভিম। তোক লভিব নোৱাৰিলে মই ৰূপচিং চুবেদাৰেই নহওঁ। ৰহদৈ— বাৰু অ' বঙাল, তোৰ আশাটো কম নহয়। মই যদি ৰহদৈ হওঁ তেন্তে দয়াৰামত বাজে ইটো দেহ কাতো নলগাওঁ। বৰং প্ৰাণত্যাগ কৰিম। এই বুলি কৈ ৰহদৈ উচাট্ মাৰি নৈৰ ঘাটৰ ফালে গ'ল। ৰূপচিং বঙালে নিজৰ চিপাহী আঠোটা লৈ ঠোঁট-মুখ চেলেকি ৰংপুৰৰ ফালে ৰাওনা হ'ল। ছয়চল্লিশ অধ্যায় সৰহদৈ সতীত্ব তেজৰ বলেৰে ৰহদৈয়ে ৰূপচিঙৰ হাতৰ পৰা নিজকে নিজে ৰক্ষা কৰি ৰাঙলী বাহৰৰ পৰা ওলাই জাঁজী নৈৰ পাৰ হৈ হাবিয়লীয়া বাটেৰে একোলৈকে ভয় নকৰি ব্ৰহ্মপুত্ৰৰ মানুহ পাৰ হোৱা ঘাট পালেগৈ আৰু তাত ঘাটেটোক কাবৌ- কোকালি কৰি চিকা ৰূপ এটকা দি ব্ৰহ্মপুত্ৰ পাৰ হৈ আউনীআটী সত্ৰৰ ওচৰত থকা কুমাৰ গাঁৱৰ ঘাটত উঠিলগৈ। বেচেৰীৰ ভাগ্য ভাল যে দিনৰ ভাগতেই নৈ পাৰ হৈ গাঁও পাইছিল। গাঁও পাই তাই সেই গাঁৱৰ বয়সিয়াল মানুহ এজনক লগ পাই সুধিলে,— “আতৈ! এইখান কি গাঁও?” মানুহজনে ক'লে,— আইটি! এইখান কুমাৰ গাঁও। সৌৱা আউনীআটী সত্ৰ। তইনো ক'ৰ পৰা আহিছ অকলৈ অকলৈ ক'লৈনো যাবি? ৰহদৈ— আতৈ! মই সিপাৰৰ পৰা এই ঘাটে নাৱত পাৰ হৈ আহিছোঁ। মোৰ ঘৰ কমলাবাৰীত। তালৈকে যাওঁ বুলি আহিছোঁ, ক'ব পাৰেনে বাট কিমান? দিনৰ ভাগতে পামগৈনে? গাঁৱলীয়া— বাট ভালেমান। লৰাঢপৰাকৈ গ'লে দিনৰ ভাগতে পাবও পাৰ পিছত তোৰ নাম কি? তইনো কাৰ জীয়েক?