সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৮ ৰহদৈ লিগিৰী বৰবৰুৱা— যদি মই বলেৰে দিওঁ বা ৰূপচিঙে বলেৰে নিয়ে তই কি কৰিবি? ৰহদৈ— ইমানবিলাকৰ ৰাইজৰ আগত বল কৰিলে ভাল নহ'ব। আৰু দেউতা ঈশ্বৰে ৰজাৰ আদেশ নোহোৱাকৈ এনেকুৱা এটা কাম কৰিলে ম‍ই চিঞৰি চিঞৰি এই গোটখোৱা ৰাইজৰ আশ্ৰয় মাগিম তেতিয়া হ'লে জানো ভাল হ'ব? বৰবৰুৱা— (অলপ পৰ মনে মনে থাকি) বাৰু! তই হাই-উৰুমি নকৰিবি ম‍ই বলেলে নিদিওঁ। কিন্তু ম‍ই তোক হিত বুদ্ধি দিছোঁ তই ৰূপচিঙলৈ গ'লে সুখেৰে থাকিবি। ৰহদৈ— দেউতা ঈশ্বৰ! মই যিজনীয়ে মোৰ ৰজা চন্দ্ৰকান্ত স্বৰ্গদেৱৰো দ্বিতীয় ৰাণী হ'বলৈ অসন্মত হ'লো সেইজনী মানুহেনো ৰূপচিঙৰ নিচিনা এটাত বহিমনে? দেউতা ঈশ্বৰ নিজে অসমৰ এজনা ঘাই ডাঙৰীয়া হৈ এজনী অসমীয়া গাভৰুক বঙাললৈ দিব খোজেনে? ৰহদৈৰ কথা বৰবৰুৱাই এটা দীঘল হুমুনিয়া কাঢ়ি ক’লে,— “বাৰু, ৰহদৈ তোৰ ইচ্ছামতে কাম কৰ। মই বল নকৰো— য'লৈকে ইচ্ছা তালৈকে যা। কিন্তু দয়াৰামৰ পিছে পিছে হ'লে নাযাবি— কিয়নো দয়াৰাম উত্তৰ ফাললৈ আহিব নোৱাৰে। আহিলেই তাৰ প্ৰাণনাশ হ'ব।” ৰহদৈ— বাৰু! মই তাক বিচাৰি নাযাওঁ। মই সদ্যহতে আইৰ ঘৰলৈকে যাওঁ। এইবুলি কৈ ৰহদৈয়ে ব্ৰহ্মপুত্ৰৰ ঘাটৰ পিনে যাবলৈ ওলাল— এনেতে ৰূপচিং চুবেদাৰে বৰবৰুৱাক চেলাম এটা দি ক'লে— “দেউতা ঈশ্বৰ! মই ৰহদৈক দুটামান কথা অলপ অকলশৰীয়াকৈ সুধিব খোজো।” বৰবৰুৱা— বাৰু সোধ। মই আহিলো। এইবুলি কৈ বৰবৰুৱাৰ নিজৰ ঘোঁৰাত উঠি ৰংপুৰৰ ফালে যাত্ৰা কৰিলে। ৰূপচিঙে ৰহদৈক অলপ আগচি ধৰি ক'লে,— “হোনটি! মই দুষাৰ কথা ক'ব খোজোঁ।” ৰহদৈ ক কি কথা ক'ব খুজিছ। ৰূপচিং— তুমি যেতিয়া মোক ৰাজমাৱৰ ওচৰলৈ মাতি নিছিলা তেতিয়া তোমাক ম‍ই যি কথা কৈছিলোঁ মনত নাইনে? ৰহদৈ— কি কথানো কৈছিলি? ৰূপচিং— মই কৈছিলোঁ নহয় মই তোমাৰ প্ৰেমত বলিয়া। ৰহদৈ— বলিয়া হ'লেই মানুহে যিহকে বিচাৰে তাকে পায়নে? ৰূপচিং— কেলেইনো নাপাব। হুন্দৰি! তোমাক ম‍ই বিয়া কৰাই বৰ সুখেৰে ৰাখিম। ৰজাৰ ৰাণীতকৈও সুখে থাকিবা।