সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ৰহদৈ লিগিৰী


চকুৰ দৰে ক'লা আৰু উজ্জ্বল। ভূৰুযোৰ দুয়োকাযে বই পৰা, চুলিকোছা ক'লা, দীঘল আৰু কঁকাললৈকে বই পৰা। তাই সেই কালতে অতি ৰূপ-লাৱণ্যৱতী ছোৱালী হৈ উঠিছিল। হ’বৰে কথা তাই জাতিত সোণাৰি-কলিতা, খোৱা-পিন্ধাৰ দুখ নাছিল, তিনি বেলা তিনি সাজ পুষ্টিকৰ আহাৰ খাবলৈ পাইছিল, ব্ৰহ্মপুত্ৰৰ নিৰ্মল পানী পিবলৈ পাইছিল আৰু মুকলি সুৰেৰে মুকলি মনেৰে ব্ৰহ্মপুত্ৰৰ নিৰ্মল বতাহ সেৱন কৰি ফুৰিছিল। তাইৰ সৌন্দৰ্য এনেকুৱা বিনন্দীয়া আছিল, আৰু তাইৰ মুখত, বিশেষকৈ সদায় হাঁহো হাঁহো কৰি থকা, হৰিণীৰ চকুৰ নিচিনা ক'লা চকুযুৰিত এনেকুৱা এটা লাৱণ্য আছিল যে তাইক দেখিলেই বাটৰ বাটৰুৱাইও ক্ষন্তেক পৰ ৰ লাগি নেচাই নোৱাৰিছিল।

 তাই এই বাৰ বছৰ বয়সৰ কালতে এদিন ফাগুন মহীয়া বেলি দুপৰ হওঁতে তাইৰ ম'হটোৰ ওপৰত উঠি, ম'হটোৰ নাকী-জৰীডাল দুয়ো হাতে ঘোঁৰাৰ লেকাম ধৰা দি ধৰি ম'হটোৰ এপিঠিত চাহাবসকলে ঘোঁৰাত উঠাৰ লেখীয়াকৈ উঠি তাৰ লগে লগে—

“শ্যামৰাই কলীয়া ঐ ৰাম
চিকণ বিনন্দীয়া ঐ ৰাম
মাথে মৰা পাখী ৰাম
গোপাল গোবিন্দ ৰাম।
নমো তিলফুল ঐ ৰাম
অধৰ ৰাতুল ঐ ৰাম
গলে বনমালা শোভে ৰাম
গোপাল গোবিন্দ ৰাম।
আজানুলম্বিত ঐ ৰাম
গাৱে পীত বস্ত্ৰ ঐ ৰাম
চৰণে নূপুৰ বাজে ৰাম
গোপাল গোবিন্দ ৰাম।
ৰাতুল চৰণ ঐ ৰাম
শোভে মনোৰম ঐ ৰাম
চৰণে প্ৰণমো ঐ ৰাম
গোপাল গোবিন্দ ৰাম।”

 এই গীতটো গুণ গুণ কৰি গাই লাহে লাহে নৈৰ ফাললৈ আহিল আৰু গৰাৰ