সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
ৰহদৈ লিগিৰী

ক’লে— “হেৰ তই যাব নালাগে সদ্যহতে।”

 ৰতিকান্ত—কেলেই মই লগতে লৈ গৈ থৈ আহিলে জানো কিবা জগৰ লাগিব?

 কটকী—জগৰ লাগিবও পাৰে নালাগিবও পাৰে। ৰজাই আমাক আদেশ কৰিছে তোক টকা-শিকা দি সন্মত কৰায়েই হওক বা বল কৰিয়েই হওক তোৰ জীয়েৰক লৈ যাবলৈ। লগত তোক নিবলৈ কোৱা নাই। জানই দেখোঁ আমাৰ স্বৰ্গদেৱসকলৰ অলপতে জগৰ লাগে। পিছত জানোচা তোক লগত লৈ গ’লে অকল যে তোৰেই জগৰ লাগিব এনে নহয় আমিও বা জগৰত পৰোঁ সেই দেখিহে মানা কৰিছোঁ তই যাব নালাগে।

 ৰতিকান্ত—তেন্তে দেউ! কাবৌটি কৰিছোঁ মোৰ এই অকালন জীয়ৰীজনীয়ে যেন একো দুখ নাপায়।

 কটকী—হেৰ! তই চিন্তা নকৰিবি। তাই মহা সুখত থাকিব। মাজে মাজে তই কোনোপ্ৰকাৰে সৎৰাম চাৰিঙীয়া ফুকনক জনাই তেওঁৰ হতুৱাই ৰজাৰ পৰা অনুমতি লৈ ৰজাঘৰলৈ গৈ জীয়েৰক চাই-মেলিও আহিব পাৰিবি। যদি ৰজাৰ চকুত লাগে তেন্তে তাই গাভৰু হ’লে তাইক ৰাণীও কৰিব পাৰে। যদিহে ৰজাৰ চকুত নেলাগে অথবা তাইক ৰাণী কৰিব নোৱাৰে তেনেহ’লে ৰজাঘৰৰ পূৰ্বাপৰ নিয়মমতে তিনি বছৰৰ মূৰত তাইক আকৌ তহঁতকে ওলোটাই দিব।

 ধনীৰাম—প্ৰভুদেৱ! তাই উলটি আহিলে তাইক আমাৰ জাতিৰ ভিতৰত ল’বনে?

 কটকী—কেলেইনো নল’ব। আহোমসকলক আমি যেতিয়াই হিন্দু ধৰ্মৰ ভিতৰত লৈছোঁ। তেতিয়াই আহোমৰ সংসৰ্গত আমাৰ হিন্দু জাতিৰ মানুহ থাকিলেনো কেলেই জাতিকুল হেৰুৱাব?

 ৰতিকান্ত—“প্ৰভুদেৱ! যদিও আমাৰ আহোমসকলক আপোনালোকে হিন্দু কৰিছে তথাপি দেখোন তেওঁলোকৰ আগত একো নক’লেও পিছত আপোনালোকৰ নিচিনা ব্ৰাহ্মণ-সজ্জনসকলেই আহোমক মেলেছ বুলি কয়।” হোজা ধনীৰামৰ এই কথাত আমাৰ কটকী বাপুৰ খং উঠি ক’লে—“হেৰ গৰু! যদি তোৰ সমাজে সহজে তাইক উলটি আহিলে নলয।নলয়, তেনেহ’লে এক চন্দ্ৰায়ণ পৰাচিত কৰাই ব্ৰাহ্মণক দান-দক্ষিণা কৰিলেই জাতিত উঠিব পাৰিব। তই ইয়াকো নুবুজনে?”

 ধনীৰাম—বুজো প্ৰভুদেৱ! পিছত পা-পৰাচিত কৰোৱাবলৈ বামুণক খুৱাবলৈ গোট-জ্ঞাতিক ভোজ দিবলৈ ধননো পাম ক’ৰপৰা?

 কটকী—হেৰ মহামূৰ্খ! এয়া ধন দিছো নহয়।