সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
ৰহদৈ লিগিৰী

 ধনীৰাম—দেউ। এই ধনৰ এভাগ ৰতিকান্ত মেধিক দিব লাগিব—বাকীখিনিৰে সদ্যহতে এটা পাইক ধৰি ম’হ-গৰু চৰোৱাব লাগিব আৰু তিনি বছৰলৈ এই ধন বহি থাকিবনে?

 কটকী—“হেৰ অবুজন গৰু, জীয়েৰ উলটি আহিলে জীয়েৰেনো ৰজাঘৰৰ পৰা শুদাহাতে আহিবনে? ৰজা-ৰাণীক কৈ ধন-বিত নানিবনে? যদি নানে বা আনিব নোৱাৰে তেন্তে নুঠিব জাতত। তাত কাৰনো দইন পৰিব?” এই কথা কৈ কটকী বাপু উঠিল। ফেঁকুৰি ফেঁকুৰি কান্দি থকা ৰহদৈক মাজত কৰি লৈ কটকী আৰু চাওডাঙহঁত গ’ল। ৰতিকান্তে চকুৰ লো মচিলে। মাক কমলাপ্ৰিয়াই বিনাই বিনাই কান্দিলে। চাওডাঙহঁতে ৰহদৈক নৈ পাৰ কৰি নি সৎৰাম ফুকনক ভেটিলে। সৎৰামে নিজৰ মাক আৰু ভনীয়েকক লগত দি ৰহদৈক নি ৰজাক ভেটিলে। ৰজাই ৰহদৈক তেওঁৰ ঘাই লিগিৰীৰ বাব দি ৰাখিলে। লিখা বাহুল্য সৎৰামে দিয়া ছকুৰি ৰূপৰ চাৰিকুৰিহে কটকী বাপুৱে ৰতিকান্তক দিছিল। সৎৰামে ৰজাৰ পৰা দুশ ৰূপ লৈছিল।


ত্ৰয়োদশ অধ্যায়

ৰজাঘৰত

 ৰজাঘৰ পাবৰ দিনাই ৰহদৈয়ে মনৰ দুখত মাক-বাপেকলৈ মনত পৰি কান্দি কান্দি চুক এটাত বহি থাকোঁতে ৰাজমাৱে সেই পিনেদি আহি তাইৰ নিচিনা দীপলিপ ছোৱালী এজনীয়ে বহি বহি কান্দি থকা দেখি তাইক মাতি নিজৰ খোঁটালীলৈ নিলে আৰু তাত ৰাজমাৱে নিজৰ আসনত বহি তাইক সুধিলে—“হেৰ ছোৱালীজনী! তই ক’ৰ পৰা আহিছ? তোৰ নাম কি? তোৰ কোন কোন আছে? তই কেলেই কান্দিছ?”

 ৰহদৈ—ঈশ্বৰী! মোক মাজুলীৰ কমলাবাৰী গাঁৱৰ পৰা ৰজাঘৰীয়া চাওডাং আৰু এজন কটকী বাপু গৈ আই-বোপাইৰ বুকুৰ পৰা কাঢ়ি আনি মোক সৎৰাম বোলা সেই চাৰিঙীয়া ফুকনজনৰ ঘৰলৈ আনিলে। চাৰিঙীয়া ফুকনজনে তেওঁৰ মাক আৰু ভনীয়েকক মোৰ লগত দি মোক লৈ আহি ৰজাক ভেটিলে। ৰজাই মোক কৈছে মই হেনো কিবা বোলে স্বৰ্গদেৱ ঈশ্বৰৰ হাতধৰি লিগিৰী হ’লোঁ।

 ৰাজমাও—অ’ মই বুজিলোঁ। তোক সেই সৎৰাম ফুকনে আনি ৰজাক দিছে। পিছত তইনো কান্দিছ কেলেই?

 ৰহদৈ দেউতা ঈশ্বৰী! মোৰ আই-বোপাইলৈ মনত পৰিছে আৰু ইয়াত দেখোন মোৰ ভয় লাগিছে! হাতধৰি লিগিৰীনো কি মই তাকো বুজা নাই।