ৰতিকান্ত—ককাই, মোৰ নিচিনা দুখীয়া মানুহে পদ-মৰ্যাদা বিচৰাটো বাওনাই চন্দ্ৰ লগ পোৱাৰ দৰে কথা। আমি দুখীয়া মানুহ দুখীয়া অৱস্থাৰে থাকিহে ভাল পাওঁ।
৪ৰ্থ চাওডাং—হেৰ মূৰ্খ, তই বুজি পোৱা নাই নে তই নিজ ইচ্ছামতে নিদিলে আমি জীয়েৰক বল কৰি হ’লেও লৈ যাম। ৰজাৰ আজ্ঞা আমাৰ ওপৰত এইদৰেও আছে। সেই দেখি তই আৰু চুপতি মাৰি নাথাকিবি। ভালে ভালে জীয়েৰক খুৱাই-ধুৱাই পিন্ধাই-উৰাই উলিয়াই দে।
ৰতিকান্ত—(চকুলো টুকি টুকি) মই থিতাতে মৰিলোঁ। ৰজাই কাটে, সমুদ্ৰে বুৰায়। এনেস্থলত যদি ৰজাৰ এনেকুৱাহে আদেশ তেনেহ’লেনো মোৰ কি উপায় আছে। তিনি ত্ৰৈলোক্যৰ গৰাকী হৈ যদি স্বৰ্গদেৱে দুখীয়াৰ এই একেজনী জীয়ৰীকে বল কৰি হ’লেও নিবলৈ আদেশ দিছে, তেনেহ’লেনো মোৰ কি উপায় আছে। পিছত আপোনাসকলে তাইক নিলে ইফালে ধনীৰামে মোৰ ওচৰত খৰচ-বৰচ নল’বনে?
কটকী—তাৰো দিহা নলগাম বুলি ভাবিছনে? ধনীৰামৰ বাপেকৰো দাঁত নহ’ব ৰজাঘৰলৈ তোৰ জীয়ৰী দিয়াৰ বাবে ওপৰত খৰচ ল’বলৈ। তথাপি তহঁতৰ মন শাঁত কৰিবলৈ স্বৰ্গদেৱে তহঁতলৈ এই ৰূপ চাৰিকুৰিও জীয়েৰৰ বেচস্বৰূপে দি পঠিয়াইছে। হোঁ ল, আৰু জীয়েৰক বেগতে উলিয়াই দে। ভালে ভালে উলিয়াই যদি দিয় তেন্তে তই সম্পদ পাবি। মাজে মাজে ৰজাৰ ঘৰলৈ গৈ তাইক চাইমেলিও আহিব পাৰিবি। আমি বল কৰি নিবলৈ হ’লে তই ৰাজদ্ৰোহত পৰিবি, আৰু ৰাজদ্ৰোহত পৰিলে নাজাননে কি গতি হ’ব।সেইদেখি মনক বুজা। ভিতৰলৈ যা। জীয়েৰক বঢ়াই-বুজাই খুৱাই ধুৱাই কানি-কাপোৰ যি হয় এডোখৰ পিন্ধাই-উৰাই উলিয়াই দে। তোৰ কপাল ভাল বুলি ভাবিবি। যদিও ৰজাই সদ্যহতে তাইক লিগিৰী কৰি ৰাখিব, তথাপি কোনে জানে ৰজাই তাইক ৰাণীও পাতিব পাৰে। সেইদেখি তই আৰু অবুজন নহ’বি।
কটকী বাপুৰ এই কথাত ৰতিকান্ত ভিতৰলৈ গ’ল আৰু জীয়েকক খুৱাই-বুৱাই কানি-কাপোৰ অলপ গহনা-গাঁঠৰি পিন্ধাই ঘৈণীয়েকে ঢাকুৰি কান্দি কান্দি অলপ সাম্য হ’লত ফেঁকুৰি ফেঁকুৰি কান্দি থকা জীয়েক ৰহদৈক আনি কটকী বাপুৰ আগত থিয় কৰি হাতযুৰি ক’লে—‘প্ৰভুদেৱ। মোৰ আগলৈকো নাই পিছলৈকো নাই, এই একেজনী জীয়ৰীকে ৰজাই নিবলৈ ভাল পালে বলক লৈ গৈ থৈ আহোগৈ।”—এই বুলি জনালে। পিছত চাওডাং চাৰিজনক আৰু কটকী বাপুক অলপ জা-জলপান খুৱাই ৰতিকান্তই জীয়েকৰ লগত যাবলৈ ওলালত কটকীয়ে