সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৪ হ'লো। ৰহদৈ লিগিৰী নাৱৰ পৰা নামি পাৰত উঠি দেখোঁ যে যি ঠাইৰ পৰা বাঁহীৰ ধ্বনি আহিছিল সেই ঠাইলৈ অৰ্থাৎ দূৰৈত এজোপা গছৰ তললৈ যাবলৈ প্ৰায় দুমাইলমান বাট। দুপৰীয়া ৰ'দৰ তপত বালি ভাঙি যাব লাগে; কি কৰিম উলটি যাবলৈকো নাৱৰীয়াই নাওখন লৈ গুচি গ'ল। সৰোবৰৰ পাৰত বহি থাকিলেও কোনো লাভ নাই। ইপিনে ওপৰে ৰদ, তলে তপত বালি। মহা চিন্তাত পৰিলোঁ। কিন্তু সিফালে দেখোন বাঁহীটোৱে অতি মিঠা মাতেৰে সঘনে বাজি আমাকহে যেন খৰখেদাকৈ মাতিব লাগিছে। কি কৰিম ৰ'দেই হওক বা তলত তপত বালিয়েই হওক বাঁহীৰ মাতত প্ৰাণ উত্ৰাৱলী হৈ আমি সেই কদম গছজোপাৰ ফাললৈ যাব ধৰিলো। প্ৰায় তিনিদণ্ডমান বেলি গৈ গছৰ কাষ পালো। বাঁহী বজোৱাজনক দেখিলো। তেওঁৰ চেহেৰা যেন তাহানিখন মই ভালপোৱা সেই দয়াৰামৰ দৰেই। তেওঁৰ গলত কেতখিনি বনফুলৰ মালা মূৰত মৰাৰ পাখি। আমি গৈ ওচৰ পাওঁ পাওঁ হওতেই তেওঁ যেন সেই গছজোপাৰ তলৰ পৰা অলপ আঁতৰত থকা পৰ্বত এটাৰ ফাললৈ বাঁহী বজাই বজাই যাবলৈ ধৰিলে। মই যেন বাঁহীৰ সেই মিঠামাত শুনি আউলী- বাউলী হৈ তেওঁক চিঞৰি মাতিলো, “হেৰা দয়াৰাম! ৰ’বাচোঁ। আমি তিৰীমতী মানুহ। তোমাৰ সমানে বেগাই যাব নোৱাৰো নহয়।” আমাৰ কথাত তেওঁ যেন মিচিক-মাচাককৈ হাঁহি বাঁহীটো বজাই বজাই ধীৰে ধীৰে পৰ্বতৰ ফালেই যাবলৈ ধৰিলে। মই যেন লগৰকেইজনীক এৰি অকলৈ বেগাই যাবলৈ ধৰিলো। তেওঁ গৈ সৰু টিলা এটাৰ ওপৰত উঠিল। মই যেন খেদি গৈ তেওঁ লগ পালোঁ। তেওঁ যেন সৰু টিলাটোৰ পৰা আৰু এটা ওখ পৰ্বতত উঠিলেগৈ। ময়ো যেন বেগাই খেদি গৈ পৰ্বতত উঠি তেওঁক যেন হাতেৰে ঢুকি পাই তেওঁৰ ভৰি দুখনত সাবটি ধৰি ক’লো— “প্ৰিয়তম! আৰুনো ক'ত সাৰিবা? এইবাৰ আৰু ফাকি দি মোক এৰি পলাব নোৱাৰিবা।” মোৰ এই কথাত তেওঁ যেন ক'লে— “প্ৰিয়তম, মই আৰু ওপৰলৈ নুঠো। তুমি মোৰ ভৰিত জপুৰকৈ ধৰিছা, চাওঁ ম‍ই ভৰিত দুখ পাইছোঁ। মোৰ ভৰি কোমল, এৰি দিয়া— শুনাচোঁ মই আৰু কেনেকুৱা সুললিত গীত বজাব পাৰো।”— এই বুলি কৈ এনেকৈয়ে বাঁহী বজাবলৈ ধৰিলে যে মই বিমোহিত হ'লো। বাঁহীৰে মাত নে বেহেলাৰে নে পাখোৱাজৰে নে স্বৰ্গৰ দুন্দুভিৰে মাত মই স্থিৰ কৰিব নোৱাৰা হ'লো। মন্ত্ৰমুগ্ধ হৈ যেন তেওঁৰ মুখলৈ চাই ৰ'লো। চাওতে চাওতে যেন বাঁহী বজোৱা জন দয়াৰাম গুচি ত্ৰিভংগ ভংগিম মূৰ্তিৰ পীতবস্ত্ৰ পিন্ধা মূৰত কিৰীটি, কাণত মকৰকুণ্ডলে সৈতে সেই শ্যামবৰণৰ কৃষ্ণ হ'ল। তেওঁৰ ৰূপ যেন কোটি সূৰ্যতকৈও উজ্জ্বল, যেন ত্ৰিভুৱন জিনা। আহা, কি যে সেই ৰূপ কি