সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ১০৩ নিৰ্মল কিছুদূৰ গৈ যে দেখোঁ সেইখিনি নৈ নহয় এখনি সৰোবৰহে। পানী অচল, আৰু সৰোবৰখনিত যেন ঠায়ে ঠায়ে আমাৰ নাও যোৱা দাৰাৰ কাষে কাষে ডাঙৰ ডাঙৰ নীলা, ৰঙা, বগা তিনিবিধ পদুম ফুল ফুলি আছে। পদুমৰ মাজে মাজে এই সৰোবৰখনত যেন এযুৰি সুন্দৰ বগা ৰাজহাঁহ চৰিব লাগিছে। মোৰ এনেকুৱা ভাব হ'ল যেন ময়ো এজনী ৰাজহাঁহিনী হৈ তাত চৰিমগৈ। এনেতে সেই সৰু দাবাটো এৰি আমাৰ নাও যেন আকৌ বহলত পৰিল। পাৰ যেন দূৰৰ পৰা দেখিছো— এনেতে যেন উজাই আহিব ধৰিলে। ডাৱৰৰ লগে লগে কোবাল বতাহ বলে। অলপ আগতে থিৰ হৈ থকা সাগৰখান যেন ঢৌৱে উপচি পৰিল। নাৱে যেন টলংভটং কৰিব ধৰিলে। আমি কেইজনী যেন প্ৰথমতে ভয়ত বিহ্বল হৈ “হে প্ৰভু, ৰক্ষা কৰা” বুলি চিঞৰিব ধৰিলোঁ। নাৱৰীয়াজনে আমাক ক'লে— “গাভৰুসকল। ভয় নকৰিবা। থিৰেৰে বহি থাকাহঁক— কাটি-কুটা নকৰিবা। যদিও মোৰ নাওখন পুৰণি তথাপি ইয়াৰ তলি বহল, ইশকত। তাতে ম‍ই বহুদিনীয়া পুৰণি গুৰিয়াল। মই থকাত নাও ডুবিব নোৱাৰে। তোমালোকে ঢৌৰ ছেৱে ছেৱে কৃষ্ণৰ নাম-পদ গোৱা।” নাৱৰীয়াৰ এই কথাত যেন আমি সুস্থিৰ হৈ আমাৰ প্ৰভু শংকৰ-মাধৱে ৰচা গীত গালোঁ— ঢৌ দেখি হালি পৰে গা, এহে কলীয়া কলীয়া! কাষৰ চপাই দিয়া নাও। পদ প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন। সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ॥ ঢৌ দেখি ইত্যাদি। আমি এইদৰে এই গীতটো ভালেমান পৰ গোৱাৰ পিছত বতাহ অলপ কমিল। ডাৱৰে শাম কাটিলে। আমাৰ নাও যেন সাগৰখনৰ সিপাৰ পালোগৈ। মোৰ লগৰ আঠজনীয়ে নাৱৰীয়াক গাইপতি টকা একোটা দিলে। মই যেন কাণৰ কেৰুযোৰ সোলোকাই নাৱৰীয়াৰ হাতত দিলোঁ। তেওঁ যেন কেৰুযোৰ লাৰি-পিটিকি চাই মোক ওলোটাই দি ক'লে— “বাৰু গাভৰু! তোমাৰ মনহে চাইছিলোঁ। তুমি সত্যবাদিনী। মোৰ এই নাওখন নিজৰ। ইয়াৰ গৰাকী আন কেও নাই। তোমাৰ, নিচিনাজনীক মই এনেয়ে পাৰ কৰিম।” এই বুলি কৈ কেৰুযোৰ ওলোটাই দি যেন নাও লৈ গুচি গ'ল। আমি বাঁহী বজোৱাজনৰ ওচৰলৈ যাবলৈ সাজো-কাচো মানে নাও যেন কোনোবাখিনি পালেগৈ— আমি নাও আৰু নাৱৰীয়া কাকো নেদেখা