সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী 2 ১০৫ যে সেই কান্তি! মই ক'লো— “প্ৰভু! দাসীক ধৰাধামত জনম দি কেলেই ইমান দুখ, নিৰাশা কষ্টত পেলাইছা, প্ৰভু! ম‍ই আৰু তোমাৰ লগ নেৰো। তোমাৰ ৰাতুল চৰণ দুখানিক মোৰ চকুৰ আঁতৰ নকৰোঁ।” প্ৰভুৱে যেন ক'লে— “ৰহদৈ! তই ভাগ্যৱতী, পুণ্যৱতী। কম পুণ্যৰ ফলে মোক দেখা নাই। অনেক জন্ম-জন্মান্তৰৰ পৰা মোক সাধনা কৰিছ। পিছত তই আৰু জনম ধৰিব নালাগিব। এই জনমতে তই জীৱন্মুক্তা হ’বি। তোৰ কিন্তু এই সংসাৰত আৰু এফেৰা কাম আছে। তই দুখিতক, তাপিতক, দৰিদ্ৰক এফেৰা সহায় কৰিব লাগে। সিহঁতক মোৰ নাম-গুণ গাই শুনাব লাগে। হায়! মই কিমান যে বাঁহীটো বজাই বজাই মুখৰ বিষ তুলি মোৰ অসমীয়া জাতিটোক মোৰ ফাললৈ মাতিব লাগিছোঁ— তাক তোক কি কম। তথাপি এই অসমীয়া জাতিটোৱে মোক এৰি, মোলৈ পিঠি দি মোৰ শত্ৰু কংস, অঘ, বক, কলি ইত্যাদিৰ সেৱাতহে ব্যস্ত। মোক পাহৰিছে। ম‍ই কিমান কাকূতি-মিনতি কৰি মাতিছোঁ সিহঁতে মোৰ কথা নুশুনে। সেইদেখি ৰহদৈ। তই মোক এফেৰা সহায় কৰ। মোৰ নিমাখিত অসমীয়া জাতিটোক মোৰ নাম কৈ, গুণ বৰ্ণাই মোৰ ফাললৈ আনিবলৈ চেষ্টা কৰ। সিহঁতৰ নিমিত্তে মোৰ প্ৰাণে কান্দিছে। মই দেখিব লাগিছোঁ সিহঁতক কংস, অঘ, বক এই সমস্ত দুষ্ট দৈত্যই নানা মিছা প্ৰলোভন দেখুৱাই ধ্বংসৰ বাটলৈ নিব ধৰিছে। প্ৰিয় ৰহদৈ! মোক সহায় কৰিবলৈ তই আকৌ পৰ্বত, বালি, সাগৰ পাৰ হৈ উলটি যাগৈ।” প্ৰভুৰ এই কথাত মই যেন কান্দি কান্দি ক’লো— “প্ৰভু! এই কাৰণেই নে মোক তুমি স্ৰজি সংসাৰত সৰুকালৰে পৰা ইমান দুখ-কষ্ট দি জীয়াই ৰাখিছা? বাৰু দয়াৰাম! তোমাৰ ইচ্ছা পূৰ্ণ হওক!” মই এইষাৰ কৈ উঠা মাত্ৰকে সাৰ পালোঁ। বাবা! বাবা! কওকচোন দুখুনী দাসীক ঈশ্বৰ কৃষ্ণই কৃপা কৰিবনে?* ৰহদৈৰ এই সপোন বৃত্তান্ত শুনি আগমানন্দ স্বামীয়ে সাইলাখ এটা ল'ৰাৰ নিচিনা হৈ ফেঁকুৰি ফেঁকুৰি কান্দি কান্দি ক'লে— মা! জননী! তই ধন্যা! তই তোৰ কৃষ্ণক পালি। হায়! মই আজি ইমান বছৰে মোৰ মাতৃক আৰাধনা কৰিলোঁ। সাধনাৰ অলপ কেইবছৰৰ পিছতে মাথোন মাতৃয়ে মোক এবেলি দেখা দিছিল তাৰে পৰা বাৰু মোক কি সপোনত কি সচিতত দেখা দিয়া হ'লে নাই; কিন্তু তেওঁক পাবৰ কাৰণে মাজে মাজে দৈব-বাণী মোৰ কাণত পেলাই মোৰ হতুৱাই মাতৃয়ে শৱ সাধন, লতা সাধন ইত্যাদি কিমান কঠোৰ কঠোৰ সাধন কৰাইছে তোক কি কম। মা ৰহদৈ! তই তোৰ কৃষ্ণক ক’বি মোক যেন কৃপা কৰি মোৰ জননীক দেখা পাবলৈ আশীৰ্বাদ দিয়ে।” এই কথা কৈয়ে স্বামী আগমানন্দই চকুৰ লো মচিলে। তাৰ পিছত প্ৰকৃতিস্থ হৈ আকৌ আনন্দতে হাঁহিলে।