সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

3 ১০২ ৰহদৈ লিগিৰী তোৰে মোৰে সাংসাৰিকভাৱে স্ত্ৰী-পুৰুষৰ সম্বন্ধ হোৱাটো যেতিয়াই অসম্ভৱ হ'ল তেতিয়াই তইও মোৰ দৰে তোৰ দেহ-মনটো কৃষ্ণতে সমৰ্পণ কৰিলে উভয়ৰে ভাল হ'ব।” মই সপোনটো দেখি মন্ত্ৰ ল'বলৈ দুগুণ উৎসাহ পাইছিলোঁ। গ’ল নিশাৰ সপোনত দেখিছোঁ মই যেন তাহানি পিতৃগৃহত আছোঁ। যেন পুৱতী নিশা হৈছে। এনেতে যেন দূৰত সুন্দৰ সুললিত প্ৰভাতী গীত গাই কোনোবাই বাঁহী এটা বজাইছে। ম‍ই যেন সাৰ পাই শুনো বাঁহীৰ মাতটো বৰ মিঠা আৰু সেই মিঠা মাতটোৱে যেন মোক আকুল কৰি তুলিলে। মই যেন ঘৰত ৰ'ব নোৱাৰি সেই শব্দৰ ফালে উত্ৰাৱলী হৈ যাবলৈ ধৰিলোঁ। গৈ গৈ যেন অন্ত নাপাওঁ। এনেতে যেন আগত নৈ এখন পালোঁ। কাণ উনাই যে শুনো নৈৰ সিপাৰেহে বাঁহীটো বাজিছে। মই নৈখন পাৰ হ'বলৈ বৰকৈ কলমলাব ধৰিলোঁ। ইচ্ছা হৈছিল যে জাঁপ মাৰি নৈত পাৰি সাঁতুৰি যাওঁ। এনেতে দেখোন ভাগ্যক্ৰমে আঠজনীমান মানুহে সৈতে নাৱৰীয়া এজনে এখন নাও ভাটিফালৰ পৰা উজাই আনিছে আৰু খেৱা মেলিবলৈ মই থিয় হৈ থকা ঠাইডোখৰৰ সমুখ পালে। মই যেন সুধিলোঁ হেৰা নাৱৰীয়া ককাই! তোমাৰ নাও ক'লৈ নিবা। তেলকলীয়া অথচ দেখিবলৈ ধুনীয়া সেই নাৱৰীয়াজনে ক’লে,— “গাভৰু! মোৰ নাও সিপাৰলৈ নিম। এইখিনিৰে পৰা খেৱা মেলিম।” মই যেন ক’লো,— “নাৱৰীয়া ককাই! কাবৌটি কৰিছো মোকো নিয়া। বাইটিহঁতৰ লগত ময়ো যাওঁ।” এই কথা নাৱৰীয়াজনে যেন ক’লে— “গাভৰু! এইখন নাৱত আৰু মানুহ নধৰে। কেনেকৈ তোমাক নিম।” মই ক'লো— “নহয় ককাই! মোক নিবই লাগে। আঠজনী নিব পাৰিছা যেতিয়া মোকো নিব পাৰিবা।” নাৱৰীয়াই ক'লে— “গাভৰু মোৰ নাৱৰ মাচুল দিব পাৰিবানে?” মই ক’লো— “ককাইটি। মাচুলনো কিমান?” তেওঁ যেন ক’লে— “মাচুল টকা টকা। পিছত তুমি জানো ৰূপ এটকা আনিছা?” মই ক'লো— “মোৰ হাতত ফুটা কড়ি এটাও নাই। মইনো ৰূপ ক'ৰ পৰা দিম?” নাৱৰীয়াই ক'লে— “তেন্তে তোমাক নিব নোৱাৰো।” এই বুলি যেন খেৱা দিব ওলাল। মই যেন কান্দি কান্দি ক’লো— “ককাই! তিৰী বধে চুব মোকো নিয়া।” নাৱৰীয়াই ক'লে— “উস্ ৰাম ৰাম। তুমি এনেকুৱা শপত দিব নালাগিছিল। তোমাৰ হাতত ফুটা কড়ি এটাও নাই; অথচ গৰাকীৰ বিনা হুকুমে ম‍ই পইচা নোলোৱাকৈ পাৰ কৰিবও নোৱাৰোঁ। বাৰু যি কি নহওক তোমাৰ কাণত যে সেই সোণৰ থুৰীয়া যোৰ আছে তাকে মোক দিব পাৰিলে মই পাৰ কৰিব পাৰোঁ।” তেওঁৰ কথাত মই মোৰ ভাব হ'ল, থুৰীয়ানো এটি কি বস্তু। মই ক'লো- “ককাই! সত্যে সত্যে মই তোমাক কাণৰ থুৰীয়াযোৰকে দিম তেও মোক পাৰ কৰা।” মোৰ এই কথাতে নাৱৰীয়াই যেন মোক নাৱত তুলিলে। নাও খেৱা দিলে।