পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুদশ অধ্যায় দয়াম যিদিনাখন ৰহদৈক ৰজাঘৰলৈ লৈ গৈছিল সেইদিনা দয়াৰাম ঘৰত নাছিল। দয়াৰাম প্ৰায় এবেলাৰ বাবে আঁতৰ শালমৰা গাঁৱত থকা মোমায়েকৰ ঘৰলৈ গৈছিল। পিচদিনা মোমায়েকৰ ঘৰৰপৰা উলটি আহি ঘৰ পাই যেতিয়া শুনিলে ৰহদৈক ৰজাঘৰৰ চাউদাং আৰু কটকীয়ে লৈ গল, তেতিয়া সি মৰ্মান্তিক দুখ পাই মুছকছ গল। তাৰ পিচত বাপেক আৰু মাহীমাকৰ আঁৰে আঁৰে কালি দুনিশামান ঘৰত থাকি ঘৰৰপৰা চাউল, চৰু আৰু অলপ ধন-বিত হাতত লৈ কোনো কমে ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ ৰজাৰ নগৰলৈ আহিল আৰু ৰহদৈক এবাৰ নাথে হলেও লগ পাবলৈ আশা কৰি কুৰিদিন মানলৈকে ৰজাৰ হাউ- লিৰ চাৰিওকাষে ঘুৰি ফুৰিৰ ধৰিলে; কিন্তু তাৰ সমস্ত চেষ্টা বিফল হ'ল। ৰজাৰ হাউলিৰ ভিতৰলৈ অচিনাকি মানুহৰ সোমাৰৰ কোনো সাধ্য নাই। বাটচ'ৰাত পৰীয়। বিনা অনুমতিত ৰজাৰ হাউলিৰ ভিতৰৰপৰা পৰুৱা-পিপৰা এটাও ওলাব নোৱাৰে। কুৰি দিনে ঘূৰি-পকিও দৈক নেদেখি ৰেচালিয়ে নিজৰ মনৰ দুখ মনতে সামৰি ঘৰলৈ উলটিল। ঘৰত মাহচেক মান বন-বাৰী একো নকৰি প্ৰায় নেই-নলৈ অলিয়ালি-লিয়ালি কৰি কটালে। অৱশেষত এদিন বাপেক-মাহীয়েক কাকো একো নকৈ নিৰুদ্দেশ হ'ল। বাপেকে অনেক বিচাৰিও দয়ামক নাপালে। কোৱা ল্য ধনীৰমে ৰতিকান্তৰপৰা ভাৰত দিয়া ৰবিলাকৰ মূল্য স্বৰূপে ৰূপ একুৰি লৈ পুৱশোক সামৰিলে। -