সমললৈ যাওক

পৃষ্ঠা:ৰহঘৰা.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কবিৰ প্ৰেম।

ৰাইজৰ গালি খাই,  পলবৰ ঠাই নাই,
 কল্পনা কোমল শয্যা হ’ল কাঁ‌ইটনি।
কি ক'ম প্ৰিয়াৰ কথা!  শুনিলে লগাব লেঠা,
 চাওঁ বুলি সকলোৱে নতুন বোৱাৰী;
এবাৰ দৰ্শন পালে,  নাঁ‌তৰিবা কোনো কালে,
 ৰ'বা চাই একেৰাহে আপোন পাহৰি।
ৰূপত নিজেই কালী,  থিয় হলে ধৰে চালি,
 ৰঞ্জিত তাম্বুগৰাগে সুদীৰ্ঘ দশন,
কেশ মাধবীৰ কুঞ্জ,  ভ্ৰমে তাত প্ৰাণীপুঞ্জ,
 স্বভাৱ-কটাক্ষ-ভৰা ৰক্তিম নয়ন।
নৰয় নাকৰ চিন,  হলে নাক ফুল হীন
 বিশাল অধৰ যথা বাও পৰাহিৰ;
নিন্দি কদলীৰ মূল  মধ্যদেশ অতি স্থূল
 প্ৰথম স্ৰজন এয়ে সম্ভৱ বিধিৰ।
কি দিম শিক্ষাৰ নাম!—  নিচিনে ঘৰুৱা কাম,
 চিনে মাত্ৰ গৃহ-কোণ শয়ন-মন্দিৰ;
পিকেৰে বোলায় বাৰ,  মলিয়ে ভুষণ গাৰ,
 বচন গৰ্দ্দভ-নাদ কিম্বা হস্তিনীৰ।
কবিতা-হীৰক-দ্যুতি,  প্ৰকাশি বঢ়াব জ্যোতি,
 বুলি তেও মনে মনে আছিলোঁ সুস্থিৰ;
“শত্ৰুঃ ভাৰ্য্যা ৰূপৱতী”,—  শাস্ত্ৰৰ বচন মাতি,
 মাৰিছিলোঁ মুখ আৰু গঞ্জনাকাৰীৰ।
কিন্তু কবিতাৰ চিন  পোৱা হল সুকঠিন,
 নিজে মই অনুৰোধ কৰিলোঁ‌ এবাৰ;