এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮
ৰহঘৰা।
প্ৰেমৰ কবিতা লিখি কৰিলোঁ প্ৰকাশ।
প্ৰতিধ্বনি হ'ল তাৰ মধুৰ সুৰেৰে,
মাহেকীয়া কাকতত বীণা ঝঙ্কাৰেৰে।
ওলাল তলত নাম বিনোদিনী-বালা,
ভাবিলোঁ ৱেই মোৰ মানসী কমলা।
জানিলোঁ পঠালে বিধি মোৰে ভাব জানি,
সুশিক্ষিতা কবিপ্ৰিয়া প্ৰেম-মন্দাকিনী।
কবিতাৰ ৰূপ দেখি হলোঁ বিমোহিত,
ভাবিলোঁ হাঁহিব ঘৰে এনে জেউতিত।
অৰ্দ্ধাঙ্গিনী কৰে বুলি কৰিলোঁ যতন,
পূৰ হল আশা, মন আনন্দে মগন।
বিবাহ সম্পন্ন হ’ল মিলি গলোঁ দুটি,
ভাবিলোঁ মিলিল দুটি কাব্য-প্ৰেম সুঁতি।
⸻
( ২ )
কিন্তু কিনো ক'ম ভাই, কওঁমানে বাঢ়ি যায়,
প্ৰেমিক কবিৰ এই প্ৰেমৰ বৃতান্ত;
সকলো অসাৰ আশা, সকলো স্বপ্নৰ ভাষা
সকলোটি হ’ল হাঁয় দিঠকত অন্ত।
যেতিয়া বিবাহ কৰি আনিলোঁ প্ৰেয়সী কৰি,
কবিতা-প্ৰেমৰে স'তে চিনা বিনোদিনী,