পৃষ্ঠা:ৰণ্ জেউতি.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
ৰণ্ জেউতি


কৰাল মুখেৰে গৰজিছে যম
কোনে অব্যাহতি পায়?

 সি কূলেদি নাশ, ইকূলেও যায়,
 লৰি দুৰ্য্যোধনে দেখে কি বিলাই;
নিজান শ্মশান  হল ৰণথলী,
অকলে কৰ্ণক পাই
অশ্ব সাৰথিক  কাটি ঘটোৎকচে
মাৰে—মাৰে, এই যায়।

 চকুৰে আন্ধাৰ দেখি দুৰ্য্যোধনে
 কয় আৰ্ত্তস্বৰে কৰুণ নয়নে—
“মৰোঁ মৰোঁ সখা,  শক্তি বাসৱৰ,৬৩
আৰু যে চাবলে নাই;
অত হেঁপাহৰ  কুৰুক্ষেত্ৰ মোৰ
এই—এই আজি যায়;

 আগুৰি ধৰিছোঁ ক’তে সি পলায়,
 হানা ততালিকে, হানা বুকু চাই।”—
কৃতান্ত আগত!–  আতুৰ কৰ্ণ ই
ভবিষ্য নেদেখা হল।
দিলে মাৰি সেই  শাক্ত বাসৱৰ
জগত চমকি গল।