পৃষ্ঠা:ৰণ্ জেউতি.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
ৰণ্ জেউতি


 ভেদে বজ্ৰ বুকু— গৰজি ভীষণ
 উফৰি পৰিল হিড়িম্বা-নন্দন :
আহত ব্যাঘ্ৰই  মাৰি, মৰি গল
ৰজাৰ ৰক্ষক দল;—
শেষ নিশ্বাসেৰে  শালিলে শত্ৰুক
সকলো অবাক হল।৬৪

 সোণোৱালী সাজ দেহা ৰক্ষকৰ
 তাৰে তলিচাত শুলে বীৰবৰ,
নুমাল প্ৰদীপ  ৰণ জেউতিৰ,
হাহাকাৰ নিজমিল।
জয়ধ্বনি লই  মাত একেষাৰি
কেনি ক’তো নুফুটিল!

 কালৰাত্ৰি শেষ, হল অৱহাৰ,
 —ক’তেনো পৰিল মণি হিড়িম্বাৰ?
সসৈন্যে পাণ্ডৱে  কান্দি কি কৰুণ
বোৱালে অশ্ৰুৰ নই,
আৰু কোনে কান্দে  উচুপি উচুপি
লুইতৰ তীৰতে ৰই!

 হাঁহিলে কেৱলে মূলত কৃষ্ণই
 প্ৰসন্ন চিতেৰে ধীৰে ধীৰে কই,—