পৃষ্ঠা:ৰণ্ জেউতি.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
ৰণ্ জেউতি


লৰে কৰ্ণ বীৰ পূৰ্ণাহুতি লই
নাচিছে তেজৰ ধাৰে;
পূৱাতে সূৰ্য্যক  তেজেৰে পাৰ্থৰ
যাতে অৰ্ঘ্য দিব পাৰে।

 কৰ্ণক আগচি ৰোধে হৈড়িম্বই
 হাবি-হুবা ভাঙ্গি খেদে গছলই;
কাঠে কাঠে পৰি  উগাৰিছে জুই
জলকি জলকি জলে;
শব্দ কি উৎকট!  ঘোৰ ঢেৰেকনি!
ধ্বনিত ধৰিত্ৰী টলে!

 দেৱৰ অস্ত্ৰেৰে কৰ্ণ শক্তিমান
 জোৰে কাৰ্ম্মুকত বাছি দিব্য বাণ
চকু পচাৰতে  বীৰ ঘটোৎকচে
আৰম্ভিলে মায়া ৰণ;
ঘনে উল্কাপাত  ঘনে বজ্ৰাঘাত
ঘনে শিলা বৰিষণ;

 লৰে ভৰিতল, লৰিল আকাশ,
 লৰে জাকে জাকে—কি যে মহাত্ৰাস!
পলাব নোৱাৰি  ভৰিত কান্দিছে,
তথাপিতো ৰক্ষা নাই।