পৃষ্ঠা:ৰণ্ জেউতি.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
ৰণ্ জেউতি


 ঢিমোৱা পিতাক আজৰাওঁ বুলি
 টানে ঘটোৎকচে ৰাক্ষসৰ চুলি।
কামৰূপী দুয়ো  লাগি হতাহতি
মালবন্ধে লাগি গল;
ঘটোৎকচে চাই  মাৰিলে আফাল
অলায়ুধ চিৎ হল।

 আঠু দি বুকুত মূৰ ছিঙ্গি লই
 ফৰ্ম্মুটি মাৰিলে দুৰ্য্যোধনলই
“ল উপহাৰ,  আৰু এটা এই।”
কৈয়েকি কৰ্ণলে লৰে,
আগুৰি কৰ্ণক  পাঞ্চাল সেনাই
নিশুম্ভৰ ৰণ কৰে। ৬২

 ব্যস্ত ভীমাৰ্জ্জুন, ব্যস্ত যুধিষ্ঠিৰ,
 ধৃষ্টদ্যুম্ন লৈয়ে যুদ্ধে দিয়ে ভিৰ;
মূৰ্ত্তি কালান্তক  ধুৰ্জ্জটিৰ দৰে
ত্ৰিপুৰ দহিছে দ্ৰোণে,
অস্ত্ৰ চালনাত  জীৱন্ত মৃত্যুক
আজি হৰুৱাই কোনে!

 জৰাজীৰ্ণ দেহা নগণে যে ক্লেশ,
 আজিয়ে কৰে কি কুৰুক্ষেত্ৰ শেষ!