পৃষ্ঠা:ৰণ্ জেউতি.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
ৰণ্ জেউতি


বাণেৰে বিন্ধাত  ঘটোৎকচ বীৰ
হল শল্লকীৰ দৰে; ৬০
এহাতে উঘালি  অস্ত্ৰ দেৱতাৰ,
ইটো হাতে অস্ত্ৰ ধৰে;

 ললে মহাশনি অস্ত্ৰ ভয়ঙ্কৰ,
 দেখি ৰণস্থলী ভয়ত কাতৰ,
মাৰে কৰ্ণলই  প্ৰাণৰ হুতাহে,
জাপ দি কৰ্ণ ই ধৰি,
ঘূৰাই মাৰিলে  ঘটোৎকচলই
নুমাল মাটিত পৰি।

 দেখে—ঘটোৎকচে লক্ষ্যভ্ৰষ্ট কৰি
 অশ্বেৰে কৰ্ণক ৰোধে বেৰি ধৰি,
“মাৰিলে কৰ্ণক,”  উঠে হাহাকাৰ,
চঁকি গল দুৰ্য্যোধন!
শেষৰ সম্বল,  বীৰ অলায়ূধ
লগালেহি তাৰে ৰণ।

 হৰি হিড়িম্বাক নিৰাশ কৰোৱা, ৬১
 ভ্ৰাতা বকাসুৰ যুঁজত মৰোৱা
বৃকোদৰ তাৰ  পুত্ৰ হৈড়িম্বক
খেদে সি হুঙ্কাৰ ছাড়ি;