পৃষ্ঠা:ৰণ্ জেউতি.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
ৰণ্ জেউতি


 জিকাৰি উঠিল কি যে হুৰি মাৰি
 সেনা দুয়ো দল পৰিঘ জোকাৰি;
টলবল কৰে লৰে ৰণস্থল
লাগে দুৰ্ব্বাদল ঘোৰ;
দূৰতে পলায়  আৰ্য্যৰ যুঁজাৰু
নুমাই হাতৰ জোঁৰ।

 গৰুড়-তক্ষক, গজ-শাৰ্দ্দুলৰ
 কত মায়া যুঁজ, নজনা আৰ্য্যৰ,
কৰি বহুক্ষণ  বীৰ ঘটোৎকচে
চিলনী-থাপ্‌টো মাৰি,
আঁজুৰি আনিলে  যোৱা-অলশ্বল
গচকে মাটিত পাৰি।

 ভীষণ হুঙ্কাৰে মূৰ ছিঙ্গি লই
 দিলে দলি মাৰি দুৰ্য্যোধনলই,
“ল’ উপহাৰ,  আৰু আছে ৰ।”
গল কৰ্ণলই খেদি
জুৰিলে ধেনুত  ৰাক্ষসৰ বাণ
ৰথাশ্ব শালিলে ভেদি।

 কৰ্ণ ৰথহীন, হৰিল উপায়,
 দিব্য অস্ত্ৰ ধৰি হানে চমকাই