পৃষ্ঠা:ৰণ্ জেউতি.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
ৰণ্ জেউতি

এনে ৰূপ আগে  দেখাতো নাছিল
ঘটোৎকচ ৰাক্ষসৰ।

 প্ৰহাৰি পট্টিশ অতি ভয়ানক
 মূৰ্চ্ছিত কৰিলে দ্ৰোণৰ পুত্ৰক,
বিকট চিৎকাৰ  শব্দত তাৰ
গজ-দুৰ্গ ফাটি যায়
দুঃশাসনে চায়ে  উঠিল শিয়ৰি
জীয়া যম এনে নাই।

 ঋক্ষৰ ছালেৰে অভেদ্য কৱচ,—
 জাম্বৱন্ত হেন দেখি ঘটোৎকচ;
গৃধ্ৰৰ পাখিৰে  উচ্চ শিৰস্ত্ৰাণ,
লোমেৰে মণ্ডিত প্ৰাস,
কাংস্যৰ ফলক  হাড় অলঙ্কাৰে
দৈত্য দানৱৰ ত্ৰাস!

 দুডাল দুকাষে আৰিয়া জলাত
 সি কি ভয়ঙ্কৰ ভৈৰৱ সাক্ষাত!
দেখি দুৰ্য্যোধন  অত্ৰাহি ভয়ত
ৰিঙ্গিয়ালে—“অলশ্বল,
পিতৃ হন্তা ভীম—  এয়ে যে পুতেক
চূৰ্ণ কৰাঁ মায়া-বল।”