পৃষ্ঠা:ৰণ্ জেউতি.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
ৰণ্ জেউতি


 দাৰুণ বচন শুনি নৃপতিৰ
 কৰ্ণ, অশ্বত্থামা, দ্ৰোণাচাৰ্য্য বীৰ
জাপ দি পৰিল নিশা কণ্টকত—
শ্মশান দুৰ্গন্ধময়!—
ৰক্তেৰে পঙ্কিল  উচ্ছ্ৰিত কঙ্কাল
নাই কাৰো পৰিচয়!

 নৰমাংস খায় শিয়ালে কুক্কুৰে,
 ছাঁয়া যেন প্ৰেত উৰি লৰি ফুৰে,
মিত্ৰ শত্ৰু কোন  চিঞৰত বাজে
একোকে নিচিনা হল,
শব্দৰ লক্ষ্যেৰে  অন্ধমুনি সুত ৫৯
কতনা নো মৰি গল!

 হাতীৰ আগৰ নমনি যে ৰথ,
 হাৰিলে নিচিনে পলাবৰ পথ!
গৰজি গৰজি  ভীমে সাত্যকিয়ে
কৰ্ণেৰে দ্ৰোণেৰে যুঁজে,
অগণি অস্ত্ৰৰ  চক চমকাত
ৰথধ্বজ দেখি বুজে।

 এনেতে আহিল শিবিৰৰ পৰা
 দীপৰ প্ৰবাহ গন্ধে তেলে ভৰা;