পৃষ্ঠা:ৰণ্ জেউতি.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
ৰণ্ জেউতি

শুনি পাণ্ডবৰ অন্তৰ কঁপিল
—আজি ই কি কথা হল!

 উৰি কৃষ্ণ-মেঘ ওলাল বেলিটি,
 ইকি জয়ধ্বনি খলকে উলটি!
“জয়দ্ৰথ বধ,  বাচিল অৰ্জ্জুন,”—
হুঙ্কাৰিছে সিংহনাদ;
পুত্ৰৰ তৰ্পণ  দিলে ধনঞ্জয়ে,
উঠে কি প্ৰশংসাবাদ।

 ক্ৰোধান্ধ নয়নে দেখিছে আন্ধাৰ,
 দুৰ্য্যোধনে ক’ত মানে অন্ধকাৰ?
তপতে তপতে  লব প্ৰতিশোধ
এই এতিয়াই লাগে,
নৈশ-যুদ্ধ আজি  কৰিব কৌৰবে
কলে কি ভীষণ ৰাগে,—

 “নাই যদি কাৰো এনে অভিমত,
 সুখেৰে বিশ্ৰাম লক শিবিৰত।
অকলে ওলালোঁ  জীয়া জুই লই
মাৰক পাণ্ডবে মোক,
মাৰক মৰক,  প্ৰাণৰ লগতে
যক অসহন শোক।”