পৃষ্ঠা:ৰণ্ জেউতি.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
ৰণ্ জেউতি


জাপ দি উঠিল আতুৰ কৰ্ণ ই
পুতেকৰ ৰথলই।
পলাই সাৰিল সেনা ৰাধেয়ৰ ৫৮
নায়ক নোহোৱা হই।

 আগুৰি ধৰিলে ভীমক দুনাই
 আচাৰ্য্য দ্ৰোণৰ আগলি সেনাই,
আহিল সাত্যকি,  আহে ঘটোৎকচ,
লাগি গল মহাৰণ;
লঘুহস্ত দ্ৰোণ  গৰজি উঠিছে
বিজুলীৰে ঘনে ঘন;

 তথাপিতো তিনি বজ্ৰ মিলনত
 মূৰছি পৰিল নিজৰ ৰথত;
অশ্বত্থামা বীৰে  নিলে সৰুৱাই,
উঠে সিংহনাদ ঘনে,
এটি এটিকই  ছয়োটি ৰথীয়ে
লুকায় হতাশ মনে।

 আবেলি বেলিটি মাৰ যায় যায়,
 কিৰীলি পাৰিছে কুৰুৰ সেনাই,
“জীলে জয়দ্ৰথ,  মৰিল অৰ্জ্জুন,
প্ৰতিজ্ঞা বিফলে গল।”