পৃষ্ঠা:ৰণ্ জেউতি.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
ৰণ্ জেউতি


 ৰথ লই এই হয় অন্তৰ্দ্ধান,
 বেগে ঘটোৎকচ হল আগুৱান;
একে জাপে উঠি চলন্ত ৰথত
টানি আনি হুহুঙ্কাৰে
হাতীৰ দাঁতত,  কুমত, নখত,
থেকেচি থেকেচি মাৰে।

 ছাড়ে সিংহনাদ পিতা পুত্ৰ দুই,
 ৰণ্‌ জেউতিৰ জলকিল জুই!
দলি কৰীদল  প্ৰমত্ত কেশৰী
বীৰ বৃকোদৰ ধায়।
আগচে কৰ্ণই  আস্ফোট প্ৰহাৰে
যুদ্ধৰ পথত পাই।

 কৰ্ণ বৃকোদৰে যুঁজে ভয়ঙ্কৰ,
 দেখি লাগে ত্ৰাস উভয় পক্ষৰ,
ক্ষিপ্ৰ প্ৰয়োগত  উভয়ে সমান
কৰে অস্ত্ৰ খান খান,
নিমিটে হুতাহ  জ্বলি উঠি ভীম
দিলে এৰি ধনুৰ্ব্বাণ।

 ভীষণ গদাৰে খেদিলে কৰ্ণক,
 মাৰে আঘাতত সাৰথি অশ্বক;