পৃষ্ঠা:ৰণ্ জেউতি.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
ৰণ্ জেউতি


অনাৰ্য্যে পালক  নীতি অনাৰ্য্যৰ
অন্ত হক দুস্কৃতৰ।”

 প্ৰণমি ঘূৰিল ঘটোৎকচ ধীৰ,
 ঘূৰিলে চাবুক পাৰ্থ সাৰথিৰ।
দেখে ঘটোৎকচে  ৰণক্ষেত্ৰ জুৰি
মৰা হাতী অগণন;
শেনৰ দৃষ্টিৰে  কাণ্ড পিতাকৰ,
কৰে যে কি নিৰীক্ষণ,—

 আঁৰে আঁৰে সেই আঁৰ পৰ্ব্বতৰ
 অলেখ-অলেখ সৈন্য ৰাক্ষসৰ,
জিলিকে শূন্যত  যাঠী বাঘনেজী ৫৬
লক্ লক্ কৰে ৰই;
হঠাৎ দেখিলে  মুণ্ড-ধ্বজী ৰথ,
—অলম্বুষ অস্ত্ৰ লই!

 দিলে হৈড়িম্বই চকুৰে ইঙ্গিত,
 জুৰি নিমেষতে শতাঘ্নী শাণিত
বিম্বা শবদেৰে  ললে বৃকোদৰে
অসংখ্য সেনাৰ প্ৰাণ,
দেখি ঘটোৎকচ  জিকাৰু মহিষ,—৫৭
অলম্বুষ ত্ৰস্তমান!