পৃষ্ঠা:ৰণ্ জেউতি.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
ৰণ্ জেউতি


“নেদেখিছা তেজ ৰণ জেউতিৰ?
পৃথিৱী কৰিব ছাই।
খন্তেকো নেৰিবা  জ্বলন্ত ভীমক,
কৰে কি অকলে পাই।

 যুঁজা ফিৰি গই মায়াৰে মায়াই।
সখা অৰ্জ্জুনৰ—সাৰথি সহায়।
জলে ঘটোৎকচ  আৰক্ত নয়ন,
কয় কৰি কৰ যোৰ—
“শুনা শুনা প্ৰভো,  কৰিছে বিদ্ৰোহ
হিয়াৰ ৰাক্ষসে মোৰ!

 জঘন্য ব্যাধৰ বীভচ আচাৰ
 ঘিণায় ৰাক্ষসে এনে কদাচাৰ।
জালেৰে মেৰাই  ব্যাঘ্ৰ শিশুটিক
সাতোটাকে ব্যাধে খোচে;
নেজানো কেনেকে  আৰ্য্যৰ গৌৰৱে
এই কেলেঙ্কাৰ মচে—”

 বুজি মনোভাব কয় যদুবীৰে,—
 “আৰ্য্য চলে ক’ত আৰ্য্যৰ নীতিৰে?
ভীষ্মৰ লগতে  নুমায় নুমায়—
আৰ্য্যনীতি ভাৰতৰ।