পৃষ্ঠা:ৰণ্ জেউতি.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
ৰণ্ জেউতি

বীৰৰ পুলিটি সাত কুঠাৰেৰে
কাটে কি অকলে পাই!

 বিনা অস্ত্ৰে হয় বীৰৰ মৰণ,
 সিপুৰীত কিটো দিয়ে নিদৰ্শন?
সুদৰ্শন যেন  ৰথৰ চক্ৰেৰে
শত্ৰুৰ আতঙ্ক হল,
দলি দলি বীৰে  তাৰে অশ্বৰথ
ধীৰে ধীৰে পৰি গল!—

 নিমাত নিস্তব্ধ, পৃথিৱী আকাশ,
 ৰই ৰই কোনে ছাড়ে দীৰ্ঘশ্বাস!—
সিংহ নিপাতিত  চায় বেৰি বেৰি,
শত্ৰুৰ শৱদ নাই;
অহা যেন দেখি  পাণ্ডৱৰ দল
ভয়েৰে আঁতৰি যায়।

 পুত্ৰ শোকাতুৰ পঞ্চ পাণ্ডৱৰ
 দৰ্‌ দৰ্‌ ধাৰা বয় নয়নৰ;
গধুৰ হিয়াৰ  কথা সি নুফুটে,
ওঁঠ কঁপি কঁপি যায়,
শোকৰ ধাৰত  জলি গল ক্ৰোধ,
—বাড়ব অগনি প্ৰায়।