পৃষ্ঠা:ৰণ্ জেউতি.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
ৰণ্ জেউতি

অকলে নিৰ্ভয়ে সিংহ শিশুটিয়ে
বেহুৰ মাজলে গই
ৰথী মহাৰথী  বিতত কৰিলে
এশ জালুকৰ হই।

 —পাৰ্থৰ পুত্ৰয়ো কৰে পৰাজিত!
 লাজে অপমানে হল জৰ্জ্জৰিত;
নিজৰ আগতে  পুত্ৰ লক্ষণক
বধিলে যেতিয়া বীৰে,
নোৱাৰিলে আৰু  ৰজা দুৰ্য্যোধনে
খন্তেকো থাকিব থিৰে।—

 “লাগে প্ৰতিশোধ, লোৱাঁ ছলে বলে।
 ৰাজপুত্ৰ মোৰ, অকলে অকলে
পঠাবানে আজি  যমপুৰীলই
দিয়াঁ দিয়াঁ, লগ তাৰ।”
ঘৰ্ঘৰ ৰৱেৰে  ঘেৰে সপ্তৰথী,
উঠে কি ঝণৎকাৰ!

 অলক্ষিতে কোনে কৰে হাঁয় হাঁয়!
 উচুপি উঠিছে ক’তে সুভদ্ৰাই! ৫৫
একেটি লক্ষ্যতে  অস্ত্ৰ সাতপাত—
কাটিবৰো ঠাই নাই;