[।৴৹]
বিয়োগ কৰি একো একোটি নতুন ৰূপৰ আভাস দিবলৈ চেষ্টা
কৰা হৈছে। শব্দবিলাকো হেমকোষৰেই, তাত নোহোৱা
একোটিহঁতহে চন্দ্ৰকান্ত অভিধানৰ। মাজে মাজে খাজে-খোজে
খাই পৰা অসমীয়া মাত একোটি প্ৰতিশব্দলৈ বিচাৰি নেপাই
মহাভাৰতৰ শব্দকে গোটে গোটে দিবলৈ বাধ্য হৈছোঁ। এতিয়া
এনে ছন্দ, এনে শব্দৰ সঙ্গতিয়ে পাঠক-পাঠিকা সকলক সন্তোষ
দি গন্তব্য স্থানলৈ নিব পাৰে নে নোৱাৰে সেয়ে হল কথা।
নিব পাৰক বুলিয়েই এই চেষ্টা কৰা হ'ল। সিমানতো
নোৱাৰিলে—মোৰেই দুৰ্কপাল।
ইতিমধ্যে দুই চাৰিখনি পুথি লিখি বেচ এটি নাম কৰা হৈছে,—মোৰ পুথিখিনি বোলে দুৰ্বোধ্য! উপায় নাই। নিজৰ ৰচনাৰ টিকা কৰি বুজাবলৈ দেখোন কেনেবা লাগে। তথাপি বুজাৰ সুবিধালৈ চাই এইবাৰ আচহুৱাৰ গন্ধ থকা শব্দ একোটিৰ টোকা একোটিকে দি চাইছোঁ। টান পোৱাসকলে সন্তোষ পালেই কৃতকৃত্য হলোঁ বুলি ভাবিম।
আমাৰ ভাষাত কাব্য পুথিৰ নাটনিৰ কথা কৈ কেবা-গৰাকীও অধ্যাপক বন্ধুৱে ঘনে ঘনে মোক উচটাব লাগিছে। প্ৰকাশ্যে সিবিলাকৰ গুণ লবৰ বৰ মন গৈছিল। ভয় লাগিল, নোৱাৰিলোঁ। মুখেৰে নুফুটাই অন্তৰেৰেই লৈছোঁ। মোৰ বিশ্বাস, সিবিলাকে অন্তৰেৰে বেচ বুজিব।
পুথিখনি ততাতৈয়াকৈ ছপা কৰাই মনমোহাকৈ প্ৰকাশ কৰোৱা বাবে “লয়াৰ্চ বুক ষ্টলৰ” গৰাকী—শ্ৰীবিচিত্ৰনাৰায়ণ