পৃষ্ঠা:ৰণ্ জেউতি.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[।৹]


মহাভাৰতত শ্ৰীকৃষ্ণই অৰ্জ্জুনৰ হতুৱাই যি দুৰ্গাৰ স্তৱ কৰোৱাইছিল, কামাখ্যা সেই দুৰ্গাদেবীৰে নামান্তৰ, তেৱেঁই—“ব্ৰজে কাত্যায়নীপৰা”, “কামাখ্যা নীলপৰ্ব্বতে”। অৱশ্যে সবিশেষ বৈজ্ঞানিক অনুসন্ধানৰ আলোকত ইয়াৰ ঐতিহাসিক সিদ্ধান্ত সম্ভৱপৰ হৈ উঠা নাই। তেও বুলি সম্প্ৰতি পুৰুষানুক্ৰমে চলি অহা বিশ্বাস আৰু প্ৰবাদৰ ওপৰত নিৰ্ভৰ নকৰি যে নোৱাৰি। আমাৰ মণিপুৰ, আমাৰ ভীষ্মকৰ কুণ্ডিল, আমাৰ শোনিতপুৰ, বোলে মহাভাৰতৰ সেই সেই ঠাইবোৰ নহয়; —এনে উভঁহা উলিওৱা ঐতিহাসিকৰ দুই চাৰিজন যে নাই তাকে নো কোৱা যায় কেনেকৈ? ইয়াৰ উত্তৰত কবলৈ একো নাই। প্ৰসিদ্ধ ঐতিহাসিকসকল বিচক্ষণ পণ্ডিত,— তাত সন্দেহ নাই; কিন্তু সেই বুলি সিবিলাক ঋষি নহয়। বৈদিক যুগৰ পৰাই ভাৰতে ঋষিৰ আপ্তবচনেই প্ৰমাণ বুলি মানি আহিছে। গতিকে পুথিখনিৰ বিষয়-বস্তুত ভাৰতবাসীলৈ অকনো সন্দেহৰ স্থল থাকিব নোৱাৰে। সি গঙ্গাজলৰ দৰে সত্য আৰু পবিত্ৰ।

 গঙ্গাজল ৰাইজৰ আগলৈ দিওঁতে কোনোৱে দিয়ে সোণৰ বান বাটিত, কোনোৱে দিয়ে ভুৰুকাত। পাত্ৰ লৈহে উখনা- উখনি হব পাৰে আৰু হয়ো; জল লৈ নহয়। মোৰ দৰে দীন দুখীয়াই সোণৰ বাটি পায় ক’ত? ভুৰুকাটিকে আওখালি মচি-কাছি ব্যৱহাৰ নকৰি সি কৰে কি?

 ভাবৰ পাত্ৰ বা বাহন স্বৰূপে যি ছন্দৰ আশ্ৰয় লোৱা হৈছে সিও মোৰ নিজৰ উদ্ভাৱন নহয়। আমাৰে ছন্দবিলাকত যোগ