পৃষ্ঠা:ৰণ্ জেউতি.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
ৰণ্ জেউতি

 কূটযোধী বীৰ হিড়িম্বা নন্দন—
 মায়া সন্নাহেৰে উদণ্ড শমন,
মায়াক মায়াৰে  নকৰিলে ক্ষীণ
তাকো যে জিনোতা নাই।
দৃঢ়চিত্তে মাৰোঁ  সময়ৰ শৰ,
চলাঁ দুয়োকূল চাই।”

 আলচি উপায় নিজানে নিজমে
 গল যত বীৰ নতুন উদ্যমে।
ইফালে গাজিল  শঙ্খ পাণ্ডৱৰ,
ভীমৰ আস্ফোট ধ্বনি
হৈ হৈ ৰৱে  ৰণ সাগৰত
উঠি গল খলকনি।

 কৰে কি, কৰে কি অভিমন্যু বীৰে?—
 জয় উল্লাসত বিচিত্ৰ গতিৰে,
সোমাল অকলে  অচিন বেহুত,
জিলিকে উন্নত শিৰ।
ৰুদ্ধ কৰি পথ  সদৰ্পে দ্বাৰত
নিজে জয়দ্ৰথ বীৰ।

 অত বিক্ৰমেৰে পাণ্ডৱৰ বীৰে
 যুঁজি নোৱাৰিলে সিন্ধু নৃপতিৰে, ৫৪